অসম

assam

Blood donation camp: লাচিত দিৱস উপলক্ষে টিংখাঙত ৰক্তদান শিবিৰৰ আয়োজন

By

Published : Nov 24, 2022, 10:34 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

লাচিত দিৱস উপলক্ষে বৃহস্পতিবাৰে টিংখাঙত অনুষ্ঠিত হয় ৰক্তদান কাৰ্যসূচী (Blood donation camp at Tingkhang)। সেৱা ভাৰতী, পূৰ্বাঞ্চল আৰু নেশ্যনেল মেডিক'জ অৰ্গেনাইজেচন অসমৰ উদ্যোগত তথা সচেতন নাগৰিক সমাজ, ৰাজগড়ৰ সহযোগত "ৰক্তধাৰা" শীৰ্ষক এক স্বেচ্ছামূলক ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয় (Lachit Divas 2022) । ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত অঞ্চলটোৰ অৰ্ধ-শতাধিক ব্যক্তিয়ে ৰক্তদান কৰে । ৰক্তদান শিবিৰত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়া, মেডিচিন বিভাগৰ জ্যেষ্ঠ চিকিৎসক শ্ৰীমন্ত মাধৱ বৰুৱা, ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ অম্বেশ্বৰ কোঁচ, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা যোগমায়া কোঁচ, RSS প্ৰচাৰক ৰাজেশ দেশকৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details