অসম

assam

BJP holds massive mass rally:জোনাইত বিজেপিৰ বিশাল গণ সমাৱেশ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:05 AM IST

ৰাজনৈতিক তৎপৰতা

জোনাই, ৭ নৱেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে তৎপৰতা ৷ পিছ পৰি ৰোৱা নাই শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী ৷ দলটোৱে আৰম্ভ কৰিছে ইয়াৰ ৰাজনৈতিক তৎপৰতা ৷ ইয়াৰে অংশ হিচাপে ১১৪ নং জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্গত পূব জোনাই আৰু পশ্চিম জোনাই বিজেপি মণ্ডলৰ উদ্যোগত ৯ নৱেম্বৰ তাৰিখে আয়োজন কৰা হৈছে এক বিশাল গণ সমাৱেশৰ ৷

জোনাই কৃষ্টি ভৱন প্ৰাংগণত অয়োজন কৰা এই বিশাল গণ সমাৱেশৰ বাবে ভাৰতীয় জনতা দলৰ পূব আৰু পশ্চিম জোনাই মণ্ডলে ব্যাপক প্ৰস্তুতি চলাইছে ৷ এই বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰিব মন্ত্ৰী পীযুষ হাজৰীকা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগুকে ধৰি আন বহুকেইজন বিজেপি নেতাই ৷

বিজেপিৰ উদ্যোগত অনুষ্ঠিত এই সমাৱেশলৈ সকলো ৰাইজৰ উপস্থিতিতি কামনা কৰিছে আয়োজকসকলে ৷ উল্লেখযোগ্য যে, জোনাই সমষ্টিৰ দুটা মণ্ডলৰ বিজেপি কৰ্মকৰ্তা, গণশক্তি, ইউ পি পি এলকে ধৰি দলৰ প্ৰায় ১২ হাজাৰকৈয়ো অধিক লোক গণ সমাৱেশত উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে পূব জোনাই বিজেপিৰ সভাপতি, সম্পাদক তথা কাৰ্যকৰ্তাসকলে ৷

লগতে পঢ়ক :Rass Leela at Jonai: ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি, শ্ৰীকৃষ্ণৰ মুৰুলীৰ সুমধুৰ মূৰ্চ্ছনাত মুখৰিত জোনাই

ABOUT THE AUTHOR

...view details