Rass Leela at Jonai: ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি, শ্ৰীকৃষ্ণৰ মুৰুলীৰ সুমধুৰ মূৰ্চ্ছনাত মুখৰিত জোনাই

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 9:53 PM IST

thumbnail

জোনাই, 6 নৱেম্বৰ : ‘‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ৷’’ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন । মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱক লৈ‌ ব্যাপক প্ৰস্তুতি চলিছে । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় জোনাইও ৷ অসম-অৰুণাচল সীমান্তৰ ৰুক্মিণী আলি আঞ্চলিক যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে ।

দৈৱকীৰ হিয়া ভঙা কান্দোনৰ পৰা কংসৰ অট্টহাস্য আৰু শ্ৰীকৃষ্ণৰ মুৰুলীৰ সুমধুৰ মূৰ্চ্ছনাত মুখৰিত জোনাইৰ ৰুক্মিণী আলি বিদ্যালয়ৰ খেলপথাৰ ৷ উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে ৰুক্মিণী আলি আঞ্চলিক যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ ৷ অহা 29 আৰু 30 নৱেম্বৰত দুদিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে আয়োজক কমিটিয়ে ৷

লগতে পঢ়ক:Bhupen Hazarika death anniversary 2023: সুধাকণ্ঠৰ মৃত্যু তিথিত এলাগী হৈ ৰ’ল ভূপেন হাজৰিকা মুকলি মঞ্চ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.