ETV Bharat / state

বৰাকত জটিল হৈছে বান পৰিস্থিতি; বানৰ কবলত শতাধিক গাঁও - Flood in Barak Valley

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 1:33 PM IST

Flood in Barak Valley: বৰাকৰ প্ৰাণকেন্দ্ৰ শিলচৰ চহৰতো বানৰ ফলত অচলাৱস্থাৰ সৃষ্টি । আশ্ৰয় শিবিৰ বিচাৰি শিলচৰত বানাক্ৰান্তৰ পথ অৱৰোধ । চহৰৰ চেণ্ট্ৰেল ৰোড অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বানাক্ৰান্তসকলে ।

Flood in Barak Valley
কাছাৰত বানৰ কবলত শতাধিক গাঁও (ETV Bharat Assam)

গুৱাহাটী, ৩০ মে’: কাছাৰত অব্যাহত আছে সামুদ্ৰিক ঘূৰ্ণিবতাহ 'ৰেমল’ৰ তাণ্ডৱ । বিগত দুদিনৰ ধাৰাসাৰ বৰষুণত কাছাৰত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ । বৰাক নৈসহ মধুৰা, জাতিঙ্গা, চিৰি, বলেশ্বৰ আৰু গুমৰা নৈৰ বাঢ়নী পানীয়ে বুৰালে বৃহৎসংখ্যক গাঁও । বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি অৰ্থাৎ ৩০ মে’ আৰু ৩১ মে’ত জিলাখনত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

ক্ৰমাৎ জটিল বৰাকৰ বান পৰিস্থিতি (ETV Bharat Assam)

কাছাৰৰ শিলচৰ, উদাৰবন্দ, বৰখলা, কাটিগড়া আৰু লক্ষীপুৰ বিধানসভা সমষ্টিৰ কেইবা শ গাঁও এতিয়া বানৰ কবলত । হঠাতে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিচত বাঢ়নী পানীয়ে গঞাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আনহাতে, ঘৰ-দুৱাৰ এৰি বানাক্ৰান্ত ৰাইজে এতিয়া নিৰাপদ স্থানত আশ্ৰয় লৈছে । কাছাৰৰ বৰখলাত জাতিঙ্গা নৈৰ বাঢ়নী পানীত বুৰ গৈছে বৰখলাৰ বিভিন্ন অঞ্চল । ছেছৰী, নাৰায়ণচৰা আদিকে ধৰি বিভিন্ন গাঁৱৰ শ শ ঘৰ-বাৰী এতিয়া পানীৰ তলত । ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তসকলৰ মাজত ।

শিলচৰত বানাক্ৰান্তৰ দ্বাৰা উত্তপ্ত পৰিস্থিতি

আনহাতে, বৰাকৰ প্ৰাণকেন্দ্ৰ শিলচৰ চহৰতো বানৰ ফলত অচলাৱস্থাৰ সৃষ্টি হৈছে । আশ্ৰয় শিবিৰ বিচাৰি শিলচৰত বানাক্ৰান্তসকলে বুধবাৰে নিশা পথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত ল’বলগীয়া হৈছে । চহৰৰ চেণ্ট্ৰেল ৰোডত ৰাজপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বানাক্ৰান্তসকলে । ফলত আৰক্ষী আৰু বানাক্ৰান্তৰ মাজত ব্যাপক ঠেলা-হেঁচাৰ সৃষ্টি হয় । চহৰখনৰ চেণ্ট্ৰেল ৰোড অৱৰোধ কৰে শ শ বানাক্ৰান্তই ।

এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে শিলচৰৰ কালিবাৰী অঞ্চলো বৰাক নৈৰ বাঢ়নী পানীত বুৰ গৈছে । ফলত অঞ্চলটোৰ কেইবাটাও বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় বিচাৰি শিলচৰ ডি এন এন কে স্কুলত অৱস্থান কৰে ৷ কিন্তু স্কুল কৰ্তৃপক্ষই স্কুলত আশ্ৰয় নিদিয়াত ক্ষোভিত হৈ পৰে বানাক্ৰান্তসকল । ইয়াৰ পিচতে অৱৰোধ কৰে শিলচৰ চহৰৰ চেণ্ট্ৰেল ৰোড ।

এনেদৰে পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বানাক্ৰান্তসকলে । অৱশ্যে পৰ্ৰৱতী সময়ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু পথটো অৱৰোধমুক্ত কৰাৰ চেষ্টা কৰে ৷ কিন্তু আৰক্ষীৰ লগত তৰ্কা-তৰ্কিত লিপ্ত হৈ পৰিস্থিত উত্তপ্ত কৰি তোলে বানাক্ৰান্তসকলে । পিচত আৰক্ষী আৰু বানাক্ৰান্তৰ মাজত সৃষ্টি হয় ঠেলা-হেঁচা ৷

অৱশেষত জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ বানাক্ৰান্তসকলক বুজনি দি ৰাজপথ অৱৰোধমুক্ত কৰে আৰু আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :বৰাকে অতিক্ৰম কৰিলে বিপদসীমা - Barak River

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.