'অল আইজ অন ৰাফাহ' ষ্ট’ৰী ডিলিট মাধুৰী দীক্ষিতৰ ! - All Eyes on Rafah
All Eyes on Rafah: ইজৰাইলৰ বিমান আক্ৰমণত ৰাফাত বহু সংখ্যক পেলেষ্টাইনী নিহত হোৱাৰ পিচত মাধুৰী দীক্ষিত নেনেই ইনষ্টাগ্ৰামত ‘অল আইজ অন ৰাফাহ’ অভিযান সমৰ্থন কৰি পোষ্ট দিয়ে ৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পোষ্টটো ডিলিট কৰি দিয়ে, যাৰ বাবে এতিয়া তেওঁ সমালোচনাৰ সন্মুখীন হৈছে । তেওঁৰ শেহতীয়া ৰীলছটোত অনুৰাগীসকলে মন্তব্য শাখাত হতাশা প্ৰকাশ কৰে ।

Published : May 30, 2024 at 1:11 PM IST
চিটাৰা ডেস্ক, 30 মে’ : ২৬ মে’ দেওবাৰে ৰাফাহৰ এটা শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবা ডজন পেলেষ্টাইনী লোকৰ মৃত্যু হোৱাৰ পিচতে গতি লাভ কৰা ভাইৰেল ‘অল আইজ অন ৰাফাহ’ ছ’চিয়েল মিডিয়া অভিযানক তীব্ৰতৰ কৰি তুলিছিল বলীউডৰ ধক-ধক গাৰ্ল মাধুৰী দীক্ষিত-নেনেই ৷
অৱশ্যে, মাধুৰী দীক্ষিতে সোনকালেই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীটো ডিলিট কৰি দিয়ে ৷ পেলেষ্টাইনলৈ সমৰ্থন জনাই দিয়া তেওঁৰ পোষ্টটো আঁতৰ কৰি দিয়াৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ এটা অংশই বেয়াকৈ সমালোচনা কৰিছে অভিনেত্ৰীগৰাকীক ৷
নিজকে গুলপীয়া ৰঙৰ লেহেংগাত সজাই পৰাই মাধুৰী দীক্ষিতে কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত এটা ৰীলছ শ্বেয়াৰ কৰিছিল ৷ কিন্তু 'অল আইজ অন ৰাফাহ' ষ্ট’ৰীটো ডিলিট কৰি দিয়াৰ লগে লগে বহু অনুৰাগীয়ে কমেণ্ট ছেকশ্যনত হতাশা প্ৰকাশ কৰি মন্তব্য কৰে ৷
এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "কিছুমান মানুহে কি ভাৱিব সেই কথা ভাবি পোষ্ট কৰা আৰু ডিলিট কৰাটো আৰু অধিক কৰুণ । অতি হতাশ ।" আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "আপুনি প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ পিচত পোষ্টটো ডিলিট কৰিলে, মেম..." আনহাতে এজন এক্স ইউজাৰে মাধুৰীৰ ডিলিট কৰা ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কয়, “মাধুৰী দীক্ষিতেও নিজৰ প্ৰচাৰ কাহিনী ডিলিট কৰিলে ।”
প্ৰিয়ংকা চোপ্ৰা, দুলকৰ ছলমান, সামান্থা ৰুথ প্ৰভু, সোনম কাপুৰ, স্বৰা ভাস্কৰ, ৰিচা চাড্ডা, দিয়া মিৰ্জা, কংকনা সেন শৰ্মা, ইলিয়ানা ডিক্ৰুজ আৰু নোৰা ফাতেহীকে ধৰি আন কেইবাজনো ভাৰতীয় চেলেব্ৰিটীয়েও তেওঁলোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত 'অল আইজ অন ৰাফা' ছবি শ্বেয়াৰ কৰে ।
২০০১ চনত ডাঃ শ্ৰীৰাম নেনেৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মাধুৰী দীক্ষিত আমেৰিকাত বাস কৰে । বলীউডত অভিনেত্ৰীগৰাকীয়ে এটা চৰ্চিত কেৰিয়াৰ গঢ়ি তুলিছে । স্থানান্তৰিত হোৱাৰ পূৰ্বে তেওঁৰ শেষৰখন ছবি আছিল দেৱদাস, তাৰ পিছত ২০০৭ চনত আজা নাচলেৰ সৈতে প্ৰত্যাৱৰ্তন কৰে । আন এক দীঘলীয়া বিৰতিৰ পিচত ২০১৪ চনত দেঢ় ইছকিয়াৰ সৈতে ডাঙৰ পৰ্দালৈ ঘূৰি আহে তেওঁ । তেওঁৰ পৰৱৰ্তী ছবিসমূহৰ ভিতৰত আছে গুলাব গেং, টোটেল ধমাল আৰু কলংক । ২০২২ চনত ৱেব ছিৰিজ দ্য ফেম গেমৰ জৰিয়তে তেওঁ অ’টিটিত অভিষেক ঘটায় ।
লগতে পঢ়ক : "অল আইজ অন ৰাফাহ" আন্দোলনলৈ ছিলভাৰ স্ক্ৰীণৰ তাৰকাৰ সমৰ্থন - All Eyes On Rafah

