অসম

assam

Illegal Sand mining in Barpeta: কলগাছিয়াত অবৈধ বালি খনন বন্ধৰ দাবীত ৰাইজৰ ধৰ্ণা

By

Published : Dec 10, 2022, 10:27 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বালিকুৰি এন চি গাঁৱতো বালি মাফিয়াৰ দপদপনি অব্য়াহত আছে ৷ ইয়াৰ পিছতো দিনে-নিশাই বালি খনন চলি থকাত ৰাইজে অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত শুকুৰবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest against Illegal Sand mining at Kalgasia) ৷ ৰাইজে আনোৱাৰ হুছেইন, মহৰ আৰু শহৰ নামৰ মাফিয়াকেইজনে বিগত তিনি বছৰ ধৰি বালিকুৰি এন চি গাঁৱৰ বেকী নৈৰ সুঁতিৰ পাৰত অবৈধ বালি খনন চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰিছে । ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি এই খননৰ বিৰুদ্ধে বন বিভাগক অৱগত কৰিলেও বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰে (Public protest against sand mafia)। উক্ত খনন বন্ধ নকৰিলে বাৰিষাত বালিকুৰি এন চি গাঁও বেকী নৈৰ বুকুত বিলীন হ'ব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details