অসম

assam

Caught On Camera : ময়ূৰভঞ্জত যাত্ৰীবাহী বাছত হাতীৰ আক্ৰমণ

By

Published : Jan 10, 2022, 5:24 PM IST

ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰসগোবিন্দপুৰত বৃদ্ধি পাইছে বন্যহস্তীৰ তাণ্ডৱ ৷ দেওবাৰে এই অঞ্চলটোৰ এখন যাত্ৰীবাহী বাছত আক্ৰমণ কৰে (Elephant Pushes Bus In Mayurbhanj) এটা হাতীয়ে ৷ তাৰিণী নামৰ যাত্ৰীৰে পৰিপূৰ্ণ বাছখন বালাচোৰৰ ওলমাৰাৰ পৰা ৰসগোবিন্দপুৰলৈ আহি থকা অৱস্থাতে সংঘটিত হৈছিল এই ঘটনা ৷ সেই সময়ত প্ৰায় ২০-২৫ গৰাকী যাত্ৰী বাছখনত আছিল ৷ হাতীটোৱে বাছখনত খুন্দিওৱাৰ ফলত (passengers were frightened when the elephant pushed the bus) যাত্ৰীসকলে আতংকত চিঞৰ-বাখৰ কৰে ৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও বাছখনৰ কিছুসংখ্যক খিৰিকীৰ ক্ষতিসাধন হয় ৷ অইন একাংশ লোকে এই দৃশ্য উপভোগ কৰি বন্দী কৰে ম’বাইলৰ কেমেৰাত ৷

TAGGED:

ABOUT THE AUTHOR

...view details