অসম

assam

ওৰাঙত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত 8 গৰাকী

By

Published : Nov 20, 2019, 8:06 AM IST

Updated : Nov 20, 2019, 12:21 PM IST

ওদালগুৰি ওৰাঙৰ গেলাবিলৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা ৷ বাইহাটাৰ পৰা বিয়াখাই তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত AS 12B 2022  নম্বৰৰ এখন ৰৈ থকা ট্ৰাকক খুন্দা মাৰে AS 12 V 9333 নম্বৰৰ এখন আৰটিগা বাহনে ৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক সাবটি লয় আঠজনকৈ যাত্ৰীয়ে ৷

মৃত যাত্ৰীসকল

ওদালগুৰি, 20 নৱেম্বৰঃ বুধবাৰে পুৱতি নিশা ওদালগুৰি ওৰাঙৰ গেলাবিলৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ বাইহাটাৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এখন আৰটিগা বাহনে সংঘটিত কৰে দুৰ্ঘটনাটো ৷ মঙলদৈৰ পৰা বিয়াখাই তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত AS 12B 2022 নম্বৰৰ এখন ৰৈ থকা ট্ৰাকক খুন্দা মাৰে AS 12 V 9333 নম্বৰৰ এখন আৰটিগা বাহনে ৷ দুৰ্ঘটনাটোত থিতাতে মৃত্যুক সাবটি লয় আঠজনকৈ যাত্ৰীয়ে ৷ নিহত কেইজন ক্ৰমে, দিগন্ত শইকীয়া (মিছন চাৰিআলি), ৰিংকু শইকীয়া (তেজপুৰ মিলনপুৰ), ৰঞ্জিত ডেকা (ঠেলামাৰা), পাৰ্থ পুৰি (নতুন পাৰাৰ বাইলেন, তেজপুৰ), নাৰায়ণ দাস(দেউৰীগাঁও তেজপুৰ), টিংকু বৰা, (মিলনপুৰ তেজপুৰ), কমল দেৱনাথ(পৰুৱা তেজপু) ৷ নিহত এজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই ৷

ওৰাঙত শোকাৱহ পথ দুৰ্ঘটনা

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ সৎকাৰ

ইপিনে, দুৰ্ঘটনাটোৰ পাচত বহু সময় ধৰি আৰটিগা বাহনখনৰ ভিতৰতে আবদ্ধ হৈ থাকে মৃত যাত্ৰীসকল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত গাড়ীখনৰ পৰা উলাই অনা হয় মৃতদেহ কেইটা ৷

Intro:Breaking News Orang

ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত আঠ জনকৈ লোক৷ জানিব পৰা মতে মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়াখাই উভতি আহি থকাৰ পথত সংঘটিত হৈছে দুৰ্ঘটনাটো। ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় শকাবহ দুৰ্ঘটনাটো। Ertiga গাড়ীৰ ভিতৰতে আবদ্ব হৈ আছে নিহত আঠ জনকৈ লোক। দুৰ্ঘটনা সংঘটিত হোৱা Ertiga খনৰ নম্বৰ AS 12 V 9333. আৰু ট্ৰাক খনৰ নম্বৰ AS 12B 2022Body:Breaking News Orang

ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত আঠ জনকৈ লোক৷ জানিব পৰা মতে মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়াখাই উভতি আহি থকাৰ পথত সংঘটিত হৈছে দুৰ্ঘটনাটো। ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় শকাবহ দুৰ্ঘটনাটো। Ertiga গাড়ীৰ ভিতৰতে আবদ্ব হৈ আছে নিহত আঠ জনকৈ লোক। দুৰ্ঘটনা সংঘটিত হোৱা Ertiga খনৰ নম্বৰ AS 12 V 9333. আৰু ট্ৰাক খনৰ নম্বৰ AS 12B 2022Conclusion:
Last Updated :Nov 20, 2019, 12:21 PM IST

ABOUT THE AUTHOR

...view details