Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"
আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা কৰিলে গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah praises Lachit Borphukan)। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত ভাগ লৈ শৰাইঘাটৰ যুদ্ধৰ কথা স্মৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে ।
Assam power tariff hike: উপভোক্তাৰ ওপৰত মাধমাৰ, পুনৰ বৃদ্ধি কৰা হ’ল বিদ্যুৎ মাচুল
এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff to 79 paise per unit)। ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকে এই বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব । ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে এই বৰ্ধিত বিদ্যুৎ মাচুল বাহাল থাকিব ।
Eknath Shinde to revisit Kamakhya: কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে
বিগত জুনত একনাথ সিন্দে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত । চাৰিমাহৰ ব্যৱধানত এইবাৰ ২৬ নৱেম্বৰত একনাথ সিন্দে আহিব মুখ্যমন্ত্ৰীৰ ৰূপত । লগত আহিব মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল । মা কামাখ্যাৰ ওচৰত দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিব সিন্দে বাহিনী (Eknath Shinde to revisit Kamakhya Temple)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ সম্ভাৱনা ।
Accident In Mangaldoi: মঙলদৈত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত চাৰিজন
মঙলদৈ চহৰৰ মাজ মজিয়াত পুৱাই সংগঠিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাছ কঢ়িয়াই অনা এখন অটো ভান আৰু স্কুল বাছৰ মাজত লাগিল মুখামুখি সংঘৰ্ষ (Auto van and school bus collided head on) ৷
Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়
এক দীৰ্ঘ বিৰতিৰ মূৰত ন্যায় পালে এটা পৰিয়ালে ৷ 2016 চনৰ পৰা ন্যায়ৰ আশাত বন্দী আছিল পৰিয়ালটো ৷ অৱশেষত 2022 চনত ন্যায় পালে এই পৰিয়ালটোৱে ৷ তেলেংগানাৰ হায়দৰাবাদৰ POCSO আদালতে 4 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুছাৰী ৰাজু ওৰফে কাতম ৰাজুক দোষী সাব্যস্ত কৰি 20 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে (Man gets 20 years in jail for sexually assaulting girl child)।