অসম

assam

উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ

By

Published : Jul 31, 2021, 10:51 PM IST

large-car-thief-cycle-active-in-upper-assam
উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত জাৰি হৈ থকা ক'ভিড নীতি আৰু আংশিক লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈ উঠিছে একাংশ দুষ্ট চক্ৰ ৷ ইয়াৰ মাজতে উজনি অসমত সক্ৰিয় হৈছে এটা বৃহৎ গাড়ী চুৰি চক্ৰ ৷

তিনিচুকীয়া, 31 জুলাই: সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ ৷ শেহতীয়াকৈ তিনিচুকীয়া আৰক্ষীৰ অভিযানত জালত পৰিছে বৃহৎ গাড়ী চুৰি চক্ৰ ৷ গাড়ী চুৰি চক্ৰটোৰ পৰা জব্দ কৰা হৈছে 10 খনকৈ বিলাসী চুৰি গাড়ী ৷ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত অতি কৌশলেৰে জাল পেলাইছে এই গাড়ী চুৰি চক্ৰটোৱে ৷

উজনিত সক্ৰিয় হৈছে বৃহৎ গাড়ী চুৰি চক্ৰ

উল্লেখ্য যে, তিনিদিন ধৰি চলা অভিযানত তিনিচুকীয়া আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছে এই দহখন গাড়ী ৷ উদ্ধাৰ হোৱা দহখন গাড়ী বিভিন্ন প্ৰকাৰৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰথমে গাড়ী মালিকৰ পৰা দীঘলীয়া ভাড়া লৈ জালিয়াতিৰে নথি-পত্ৰ সলনি কৰি বিভিন্ন ঠাইত গাড়ীসমূহ বিক্ৰী কৰে চুৰি চক্ৰটোৱে ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যেই তিনিচুকীয়া থানাত ৰুজু হৈছে এক গোচৰ ৷

এই গাড়ী চুৰি কাৰ্যৰ সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে যথেষ্টখিনি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে ৷ লগতে পৰৱৰ্তী পৰ্যায়ত গাড়ী চুৰি চক্ৰটো উৎখাতৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে, ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত জাৰি হৈ থকা ক'ভিড নীতি আৰু আংশিক লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈ উঠিছে একাংশ দুষ্ট চক্ৰ ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ সুবিধা লৈ এই চক্ৰবোৰে নিতৌ সংঘটিত কৰিছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৷ ইয়াৰ মাজতে এই চক্ৰবোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত জালত পৰিছে বহু অপৰাধী ৷

লগতে পঢ়কঃলাইলাপুৰ কাণ্ডক লৈ ক্ষুব্ধ বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details