ETV Bharat / state

এক লাখ ত্ৰিশ হাজাৰত অৰুণাচলত কিশোৰীক বিক্রী - Arunachal child trafficking

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:24 PM IST

Arrested for child trafficking : এক লাখ ত্ৰিশ হেজাৰ টকাত অৰুণাচলত বিক্রী এগৰাকী কিশোৰীক। ঘটনা সন্দৰ্ভত দুই পাষণ্ডক গ্ৰেপ্তাৰ ৷ সংবাদমেলত আৰক্ষী অধীক্ষকে সদৰী কৰিলে ঘটনাৰ সবিশেষ।

Arrested for child trafficking
9 বছৰীয়া কিশোৰীক অৰুণাচলত বিক্ৰী কৰিলে দুই পাষণ্ডই (ETV BHARAT)
লখিমপুৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল (ETV BHARAT ASSAM)

লখিমপুৰ, 19 মে’: এক লাখ ত্ৰিশ হাজাৰ টকাত লখিমপুৰৰ এগৰাকী 9 বছৰীয়া কিশোৰীক অৰুণাচলত বিক্ৰী কৰিলে দুই পাষণ্ডই ৷ ঘটনাটো বিগত 4 মে’ত সংঘটিত হৈছিল ৷ ঘটনাৰ দিনা জিলাখনৰ বগীনদী এলেকাৰ এই কিশোৰীগৰাকী আইতাকৰ সৈতে লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন আত্মীয়ৰ খবৰ ল’বলৈ আহিছিল ৷ তেওঁলোক বগীনদী এলেকাত লখিমপুৰ মেডিকেল কলেজ লৈ যাবলৈ বুলি বাছৰ অপেক্ষা কৰি থাকোতে এখন অচিনাকি বাহনত অহা লোকে তেওঁলোকো মেডিকেল কলেজ লৈ যাব বুলি কিশোৰীগৰাকী আৰু আইতাকক উঠাই লয় ৷ পাচত বাহনখনে মেডিকেল কলেজ লৈ যোৱাৰ পৰিৱৰ্তে অৰুণাচল সীমান্তৰ আপাৰ জুমিলৈ যায় আৰু আইতাকক পেলাই থৈ কিশোৰীগৰাকীক লৈ উধাও হয় ৷

কিশোৰীগৰাকীৰ আইতাকে কোনোমতে আহি বগীনদীত উপস্থিত হয় আৰু থানাত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে ৷ এই সন্দৰ্ভত দেওবাৰে বিয়লি লখিমপুৰৰ আৰক্ষী অধীক্ষকে এক সংবাদমেল সম্বোধন কৰে ৷ লখিমপুৰত বিগত সময়চোৱাত সংঘটিত হোৱা তিনিটাকৈ অপহৰণ কাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে সংবাদমেল সম্বোধন কৰে ৷ তেওঁ সদৰী কৰা মতে লখিমপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে অপহৃত হোৱা অসমৰ এগৰাকী কিশোৰী, এগৰাকী মহিলা আৰু এজন কিশোৰক ৷ লখিমপুৰৰ বগীনদী ভীমপৰাৰ পৰা অপহৃত হোৱা কিশোৰীগৰাকী অৰুণাচলৰ কুৰং-কামেঙৰ পৰা উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুই অপহৰণকাৰীক ৷ লগতে উদ্ধাৰ কৰিছে অপহৰণত ব্যৱহাৰ কৰা এল্ট’ বাহনখন ৷

আৰক্ষীয়ে সদৰী কৰা মতে এক লাখ ত্ৰিশ হাজাৰ টকাত অপহৰণকাৰীয়ে বিক্ৰী কৰিছিল কিশোৰীগৰাকীক ৷ এই সংবাদমেলত অপহৰণ কাণ্ড সন্দৰ্ভত আৰক্ষী অধীক্ষকে তদন্তৰ খাতিৰত অপহৰণকাৰীৰ নাম আৰু ফটো সদৰী কৰাৰ পৰা বিৰত থাকে ৷ এই সংবাদমেলতে 2021 আৰু 2023 চনত সংঘটিত হোৱা আন দুটা অপহৰণ কাণ্ড সন্দৰ্ভতো ব্যাখ্যা কৰে আৰক্ষী অধীক্ষকে ৷ লখিমপুৰৰ নাৰায়ণপুৰ আৰু চিলনীবাৰীৰ পৰা অপহৃত এগৰাকী মহিলা আৰু এটি কিশোৰক উদ্ধাৰ কৰা সন্দৰ্ভতো উল্লেখ কৰে এই সংবাদমেলত ৷ চিলনীবাৰীৰ 8 বছৰীয়া কিশোৰজনক নাহৰলগুনৰ পৰা আৰু নাৰায়ণপুৰৰ 14 বছৰীয়া কিশোৰীগৰাকীক আপাৰ সোৱণশিৰি জিলাৰ ডাপৰিজুৰ পৰা উদ্ধাৰ কৰা বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

বগীনদীৰ অপহৃত কিশোৰী গৰাকীক ৰখা অৰুণাচলৰ লোকজন পলাতক হৈ থকা বুলি সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় ৷ উল্লেখ্য যে, অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰ জিলাৰ পৰা বহু শিশু, কিশোৰ-কিশোৰী দীর্ঘদিন ধৰি অৰুণাচললৈ সৰবৰাহ কৰাৰ ঘটনা প্ৰায়েই পোহৰলৈ আহে ৷ আৰক্ষীৰ তৎপৰতাৰ লগতে বিভিন্ন সংগঠনৰ উদ্যোগতো এনে ঘটনা পোহৰলৈ আহে আৰু এনে শিশু, কিশোৰ-কিশোৰীক উদ্ধাৰ কৰা হয় ৷ কেতিয়াবা আকৌ এনে শিশু, কিশোৰ-কিশোৰীৰ মৃতদেহহে উদ্ধাৰ হয় ৷ বিশেষকৈ অৰুণাচলত বন কৰা হিচাপে জিলাখনৰ পৰা শিশু, কিশোৰ-কিশোৰী সৰবৰাহ কৰা হয় ৷ এই ঘটনাত মাজত এচাম দালাল জড়িত থাকে ৷ বহু ক্ষেত্ৰত দালালে দৰিদ্ৰ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ সুযোগ লৈ পিতৃ-মাতৃক আভুৱাভাঁৰি কেইটামান টকা দি নিজে লাখ লাখ টকা লৈ তেওঁলোকৰ সন্তানক নি অৰুণাচলত বিক্ৰী কৰে ৷ আৰক্ষীয়ে এই ক্ষেত্ৰত বহু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এনে ঘটনাৰ ওৰ পৰা নাই ৷ যাৰ বাবে এনে অমানবীয় ঘটনাৰ পুনৰাবৃত্তি হৈয়েই আছে ৷

লগতে পঢ়ক : যৌন কেলেংকাৰী : দেহৰক্ষীৰে দপদপাই থকা সাংসদ প্ৰাৰ্থীৰ হাতত লাগিল হাতকেৰেয়া - Sex Scandle Of Politicians

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.