ETV Bharat / state

লাইলাপুৰ কাণ্ডক লৈ ক্ষুব্ধ বদৰুদ্দিন আজমল

author img

By

Published : Jul 31, 2021, 9:42 PM IST

mp-badruddin-ajmal-reaction-on-lailapur-incident
লাইলাপুৰ কাণ্ডক লৈ ক্ষুব্ধ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ প্ৰধান বদৰুদ্দিন আজমল ৷ অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ গুলিবৰ্ষণ কৰা মিজো আৰক্ষীৰ বিৰুদ্ধে তদন্তক্ৰমে উচিত ব্যৱস্থা ল’ব লাগে বুলি দাবী কৰিছে সাংসদগৰাকীয়ে ৷

পশ্চিম বিলাসীপাৰা, 31 জুলাই : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা ৰক্তাক্ত ঘটনাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিভিন্ন দল-সংগঠনে এই ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷ ইয়াৰ মাজতে শনিবাৰে বিলাসীপাৰাত উপস্থিত হৈ মিজো আৰক্ষী বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমল ৷ অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ গুলিবৰ্ষণ কৰা মিজো আৰক্ষীৰ বিৰুদ্ধে তদন্তক্ৰমে ব্যবস্থা ল’ব লাগে বুলি দাবী জনাইছে সাংসদ গৰাকীয়ে ৷

লাইলাপুৰ কাণ্ডক লৈ ক্ষুব্ধ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এই ঘটনাৰ কোনো ব্যৱস্থা নলৈ কেৱল ক্ষমা খুজি দায় সৰাটো গ্ৰহণযোগ্য নহয় বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ SORRY ক’লেই মৃত্যুক সাৱটি লোৱাসকলে জীৱন ঘূৰাই পাব নেকি বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷ ইয়াৰোপৰি মিজো আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে ওলোটা গোচৰ তৰা কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমাৰ মুখ্যমন্ত্ৰীয়ে সীমান্তত গুলিয়াবলৈ গৈছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে সাংসদ বদৰুদ্দিন আজমলে ৷ ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো লাইলাপুৰত গুলীবৰ্ষণ কৰা সকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি প্ৰয়োজনত জেইললৈ প্ৰেৰণ কৰিব লাগে বুলি আজমলে মন্তব্য প্ৰকাশ কৰে ৷

উক্ত ঘটনাত জড়িত থকা সকলক উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে এআইইউডিএফ দলৰ প্ৰধান গৰাকীয়ে ৷ উল্লেখ্য যে, পূৱ বিলাসীপাৰা সমষ্টিত কেইবাটাও উন্নয়নমূলক কামৰ আচঁনিৰ শিলান্যাসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিলাসীপাৰাত উপস্থিত হয় এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে উক্ত ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজমলে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ লগতে এআইইউডিএফৰ একাংশ কৰ্মকৰ্তা ৷

লগতে পঢ়কঃ বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.