ETV Bharat / state

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

author img

By

Published : Jul 31, 2021, 5:21 PM IST

elephant attack
বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলতে ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ গোলাঘাট জিলাৰ পাচত শনিবাৰে বাক্সা জিলাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই এজন লোকে ৷

বাক্সা, ৩১ জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলতে ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ এই সংঘাতৰ ফলত যোৱা কেইদিনত ৰাজ্যত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

গোলাঘাট জিলাৰ পাচত শনিবাৰে বাক্সা জিলাত বন্যহস্তীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায় ৷ পুৱাৰ ভাগত বাক্সা জিলাৰ কুমাৰীকাটা বন সংমণ্ডলৰ অধীনত থকা হাজোগুদি গাঁৱত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ গাঁৱৰ লোকে জানিবলৈ দিয়া মতে, গাঁৱলীয়া পানী যোগান ব্যৱস্থাৰ চকিদাৰৰ দায়িত্বত আছিল ওৱাৰী নামৰ এগৰাকী লোক ৷

লগতে পঢ়ক: গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

প্ৰত্যেক দিনৰ দৰে পানীৰ যোগানৰ বাবে যোৱা পৰতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ওৱাৰী নামৰ লোকজন ৷ ইয়াৰ পাচতে স্থানীয় লোকৰ তৎপৰতাত পৰিয়ালৰ লোকে লোকজনক কুমাৰীকাটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷

লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসকে ওৱাৰীক মৃত বুলি ঘোষণা কৰে ৷ স্থানীয় লোকে সদৰী কৰা মতে পূৰ্বেও গাঁওখনৰ কেইবাজনো লোকে বনৰীয়া হাতীৰ আক্ৰমণৰ প্ৰাণ হেৰুৱাইছে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধ তথা অঞ্চলটোত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ কথা বন বিভাগক অৱগত কৰা হৈছিল যদিও বন বিভাগে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.