অসম

assam

History of Assam tea: আজিও অৱহেলিত অসমৰ চাহৰ উদ্ভাৱক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি

By

Published : May 24, 2023, 7:49 PM IST

History of Assam tea

অসমৰ চাহ বিশ্বজুৰি সমাদৃত হোৱা আৰু ইয়াৰ আৱিষ্কাৰৰ আঁৰত আছে দীঘলীয়া ইতিহাস ৷ অসমৰ চাহ উদ্ভাৱনৰ ক্ষেত্ৰত ৰবাৰ্ট ব্ৰুচৰ নাম উচ্চাৰণ হয় যদিও ইয়াৰ আঁৰত থকা আন এগৰাকী ব্যক্তি হ’ল তেওঁৰ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ ৷ আজিও তেজপুৰত পৰিত্যক্ত অৱস্থাত আছে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি (Discovery of Assam tea) ৷ সৱিশেষ এই প্ৰতিবেদনত-

অসমৰ চাহৰ আঁৰত থকা ব্যক্তিগৰাকী কোন জানেনে ?

তেজপুৰ, 24 মে’: চৰকাৰ আৰু অসম চাহ নিগমৰ উদ্যোগত উদযাপন কৰা হ’ল অসমৰ চাহৰ 200 বছৰীয়া জয়ন্তী (200 years of Assam tea) ৷ একাপ সতেজ চাহেৰে আৰম্ভ হয় আমাৰ দিনটো ৷ অসমৰ চাহ আজি বিশ্বজুৰি সমাদৃত ৷ কিন্তু অসমত চাহ আৱিষ্কাৰ কৰা আৰু এই চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আঁৰত দুগৰাকী বিশেষ ব্যক্তিৰ নাম উচ্চাৰিত হয় ৷ তেওঁলোক হ’ল ৰবাৰ্ট ব্ৰুচ (Robert Bruce) আৰু চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ (Charles Alexander Bruce) ৷ ইয়াৰে ৰবাৰ্ট ব্ৰুচক কোৱ হয় চাহৰ আৱিষ্কাৰক (History of Assam tea) ৷

উল্লেখ্য যে, 1823 চনত ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰি উলিয়াইছিল অসমৰ হাবিয়ে-বননিয়ে উপলব্ধ হোৱা চাহ গছক ৷ 1822 চনত ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা অৱগত হৈছিল অসমৰ চাহ গছৰ কথা ৷ সেই সময়ত চিংফৌ জনগোষ্ঠীৰ লোক সকলে চাহ খেতি কৰিছিল, যি কথা সাধাৰণতে সকলোৱে জনা নাছিল ৷ 1823 চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে ৰবাৰ্ট ব্ৰুচে এজন চিংফৌৰ মুখীয়ালৰ সৈতে পৰিচয় হয় ৷ বিছা গাম নামৰ চিংফৌ মুখীয়ালগৰাকীয়ে তেওঁক এই চাহ উদ্ভিদৰ নমুনা যোগান ধৰিবলৈ ইচ্ছুক হৈছিল ৷ কিন্তু 1824 চনত মৃত্যু হয় ৰবাৰ্ট ব্ৰুচৰ ৷

ইয়াৰ পাচেই এই চাহ গছক বাণিজ্যিক ৰূপ দিয়া আৰু ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভূমিকা পালন কৰিছিল চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ (Bruce brothers) ৷ চাৰ্লছ আলেকজেণ্ডাৰ আছিল ৰবাৰ্ট ব্ৰুচৰ ভাতৃ ৷ ৰবাৰ্ট ব্ৰুচৰ মৃত্যুৰ পাচত এই চাহ গছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ যায় আৰু তেওঁ সেই নমুনা প্ৰেৰণ কৰে অসমৰ আয়ুক্ত ডেভিদ স্কটৰ ওচৰলৈ ৷ ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয় ৷ এই চাহ গছৰ খেতি অসমত আৰম্ভ হয় 1830 চনত ৷

উল্লেখ্য যে, অসমত প্ৰথম চাহৰ আৱিষ্কাৰক ৰবাৰ্ট ব্ৰুচ আছিল স্কটিছ বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ ৷ তেওঁ 1822 চনত উপস্থিত হৈছিল অসমত ৷ কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অকৰ্তৃত্বশীল ব্ৰিটিছক এনে কাম-কাজ স্পষ্টভাৱে নিষিদ্ধ কৰাৰ সময়ত ব্ৰুচে ভাৰতত কি কি কৰিছিল সেয়া স্পষ্টভাৱে জনা নাযায় ৷ তথাপিও ৰবাৰ্ট ব্ৰুচক অসমৰ চাহৰ পথ প্ৰদৰ্শক হিচাবে আত্মপ্ৰকাশ কৰা দেখা যায় (Discovery of Assam tea) ৷

1823 ৰবাৰ্ট ব্ৰুচে চাহৰ বিষয়ে অধিক জানিবলৈ চিংফো জনগোষ্ঠাৰ প্ৰধান বিছা গামক লগ পোৱাৰ উদ্দেশ্যৰে আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰলৈ ভ্ৰমণ কৰিছিল ৷ তেওঁক এই যাত্ৰাত অধিক প্ৰেৰণা যোগাইছিল মণিৰাম দেৱানৰ পৰা লাভ কৰা তথ্যই ৷ ৰবাৰ্ট ব্ৰুছে অসমলৈ আহি পোৱাৰ পাচতেই চিংফৌ জনগোষ্ঠীৰ লোকে চীনৰ কেমেলিয়া চাইনেন্সিছৰ সৈতে সাদৃশ্য থকা এবিধ অজ্ঞাত উদ্ভিদৰ পাত পানীয় হিচাবে সেৱন কৰা দেখিবলৈ পাইছিল ৷ কিন্তু এয়া আছিল আৰম্ভণি ৷ চাহ উদ্ভাৱনৰ ক্ষেত্ৰত ৰবাৰ্ট ব্ৰুচৰ নাম উচ্চাৰিত হয় যদিও পৰৱৰ্তী সময়ত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে এই চাহ গছ এবিধ সতেজ পানীয় হিচাবে আৱিষ্কাৰ কৰে (Commercialization of Assam tea) ৷

কিন্তু 1871 চনত তেজপুৰত মৃত্যু হয় চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ৷ চাহক এক বাণিজ্যিক ৰূপ দিবলৈ সক্ষম হোৱা এইগৰাকী চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধিক্ষেত্ৰ আজিও তেজপুৰৰ ব্ৰিটিছ চিমেট্ৰিত পৰিত্যক্ষ অৱস্থাত আছে ৷ এইগৰাকী ব্যক্তিৰ এটা প্ৰতিমূৰ্তি তেজপুৰ পদুম পুখুৰী পার্কত স্থাপন কৰা হৈছিল যদিও সেই প্ৰতিমূৰ্তি আজি সংৰক্ষণৰ অভাৱত উৱঁলি যোৱাৰ উপক্ৰম হৈছে ৷

মন কৰিবলগীয়া যে, এই বৃহৎ চাহ উদ্যোগৰ প্ৰতিষ্ঠাপকগৰাকী তেওঁৰ কৰ্ম স্থলীতে আজি এলাগী হৈ আছে ৷ কিছুদিনৰ পিচত হয়তো এই ভগ্নাৱশেষ সমূহো বিচাৰি পোৱা নাযাব ৷ যাৰ বাবে ইয়াক সংৰক্ষণ কৰাত চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷

লগতে পঢ়ক:Fake cash seized: জামুগুৰি আৰক্ষীৰ জালত 12 হাজাৰ জালনোটসহ এটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details