অসম

assam

President Droupadi Murmu : ৰাষ্ট্ৰপতি সন্দৰ্ভত তৃণমূলৰ মন্তব্যত গৰজি উঠিল পল্লৱ লোচন দাস

By

Published : Nov 12, 2022, 8:10 PM IST

Tezpur

দেশৰ ৰাষ্ট্ৰপতিক লৈ কৰা সমালোচনাত প্ৰতিক্ৰিয়া প্ৰকাশ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ (Pallab Lochan Das reacted on President issue) ৷ তেজপুৰত ১১০০ যুৱক-যুৱতীৰ বিজেপিত যোগদান ৷

তেজপুৰ, ১২ নৱেম্বৰ :দেশৰ ৰাষ্ট্ৰপতিক লৈ কৰা সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে (Pallab Lochan Das reacted on President issue) ৷ উল্লেখ্য, দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী অখিল গিৰিয়ে এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল (President Droupadi Murmu) ।

মন্ত্ৰী অখিল গিৰিৰ উক্ত মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে সাংসদ পল্লৱ লোচন দাসে (WB minister controversial comments on President) ৷ ৰাষ্ট্ৰপতি সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে । উল্লেখ্য, শোণিতপুৰ জিলা যুৱ মৰ্চাৰ (BJP Yuva Marcha Sonitpur) উদ্যোগত শনিবাৰে তেজপুৰত অনুষ্ঠিত হয় বিজেপিৰ এক যোগদানৰ কাৰ্যসূচী ৷

উক্ত বিজেপিত যোগদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ পল্লৱ লোচন দাসে কয়, "পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীক লৈ যি বৰ্ণবৈষম্যমূলক মন্তব্য কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰিত্ব খাৰিজ কৰিব লাগে ।" লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈও আহ্বান জনায় সাংসদজনে (Tezpur MP Pallab Lochan Das) ৷

আনহাতে, তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত শোণিতপুৰ জিলা বিজেপি যুৱ মৰ্চাই আয়োজন কৰা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ পল্লৱ লোচন দাসে লগতে কয় যে প্ৰতিটো নিৰ্বাচনেই বিজেপি দলৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ তৃণমূল পৰ্যায়ত বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰ প্ৰতি যুৱ প্ৰজন্ম আকৃষ্ট হৈছে (CM Himanta Biswa Sarma) ।

তাৰ বাবেই যিৱ প্ৰজন্মই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰা বুলি মন্তব্য কৰে পল্লৱ লোচন দাসে । উল্লেখ্য যে দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়কে ধৰি আছু (AASU), এনএছইউআই (NSUI) ছাত্ৰ সংগঠন তথা বিভিন্ন দল-সংগঠনৰ ১১০০ যুৱক-যুৱতীয়ে শনিবাৰে বিজেপিৰ যুৱ মৰ্চাত যোগদান কৰে ৷

লগতে পঢ়ক :Parliament winter session 2022 : পুৰণি ভৱনতে হ'ব শীতকালীন অধিৱেশন !

ABOUT THE AUTHOR

...view details