ETV Bharat / state

বৰুণ দেৱতাক প্রার্থনা জনাই কোনে আয়োজন কৰিলে ভেঁকুলীৰ বিয়া - Frog wedding

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 7:10 PM IST

Frog wedding in Assam
ভেঁকুলীৰ বিয়া

Frog wedding: ৰাজ্যৰ ঠায়ে ঠায়ে দহিছে উৎকট গৰমে । উৎকট গৰমত পানীৰ অভাৱত খেতিপথাৰত মেলিছে চিৰল ফাঁট । খাল বিলত নাই পানী । বৰষুণ বিচাৰি বৰুণ দেৱতাক প্রার্থনা জনাই পাতিলে ভেঁকুলীৰ বিয়া ।

গোৱালপাৰা, ২৯ এপ্ৰিল: ব'হাগ মাহত বৰদৈচিলাই তাণ্ডৱ সৃষ্টি কৰে যদিও এইবাৰ এনে সময়তো ৰাজ্যবাসীক দহিছে উৎকট গৰমে । সম্প্ৰতি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সূৰ্যৰ প্ৰখৰ উত্তাপ ৷ উৎকট গৰমৰ বিপৰীতে ব'হাগ মাহতো হোৱা নাই বৰষুণ ৷ যাৰ ফলত খাল-বিল, নলা-নৰ্দমা, নৈৰ পানী শুকাই গৈছে । খেতিপথাৰত চিৰাল ফাঁট মেলিছে ৷ ঠায়ে ঠায়ে বৰষুণৰ অভাৱত এতিয়া ৰাইজে পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । বৰষুণৰ অভাৱত কৃষিভূমি চন পৰি ৰোৱাৰ আশংকা কৰিছে কৃষক ৰাইজে । সেইবাবে বিভিন্ন ঠাইত আয়োজন কৰা হৈছে ভেঁকুলীৰ বিয়া ।

ভেঁকুলীৰ বিয়া

উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি গোৱালপাৰা জিলাৰ বামুনডাঙ্গা হাচুঘোপা গাঁৱত মহিলাসকলে আয়োজন কৰিলে ভেঁকুলীৰ বিয়াৰ । পানীৰ অভাৱ আৰু গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বামুনডাঙ্গা হাচুঘোপা গাঁৱৰ মহিলাসকলে ৰাভা সমাজৰ ৰীতি-নীতিৰে ভেঁকুলীৰ বিয়া পাতিলে ৷

অৱশ্যে গোৱালপাৰা জিলাৰ বাহিৰে ৰাজ্যৰ কিছু কিছু ঠাইত বতাহ-বৰষুণ নোহোৱাকৈ থকা নাই ৷ গোৱালপাৰা জিলাত উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি এজাক বৰষুণ বাবে বামুনডাঙ্গা হাচুঘোপা অঞ্চলৰ মহিলাসকলে ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰে ভেঁকুলীৰ বিয়া পাতি বৰুণ দেৱতাক বৰষুণ দিবলৈ প্ৰাৰ্থনা জনায় ৷

লোকবিশ্বাস অনুসৰি মহিলাসকলে আয়োজন কৰি আহিছে ভেঁকুলী বিয়া ৷ মহিলাসকলে আজি এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে আয়োজন কৰিলে ভেঁকুলীৰ বিয়া । উল্লেখ্য যে,অনাবৃষ্টিৰ সময়ত মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে । তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলীৰ বিয়া অন্যতম । লোকবিশ্বাস অনুসৰি ভেকুলী বিয়া পাতিলে ধৰিত্ৰীৰ বুকুলৈ বৰষুণ নামে ৷

লগতে পঢ়ক:ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতিসাধন - Heavy Storm In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.