Parliament winter session 2022 : পুৰণি ভৱনতে হ'ব শীতকালীন অধিৱেশন !

author img

By

Published : Nov 12, 2022, 5:36 PM IST

Parliament

অহা মাহত অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন (Parliament winter session may start in December) ! সূত্ৰৰ মতে পুৰণি সংসদ ভৱনতে এই অধিৱেশন অনুষ্ঠিত হ'ব । নতুন ভৱনৰ নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে ।

নেশ্যনেল ডেস্ক,১২ নৱেম্বৰ : সংসদৰ শীতকালীন অধিৱেশন চলিত বছৰৰে ডিচেম্বৰৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে (Parliament winter session may start next month)। সূত্ৰৰ মতে অধিৱেশনখন ৭ ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে (Parliament winter session 2022)। অৱশ্যে অধিৱেশনৰ তাৰিখ সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্ত সংসদীয় পৰিক্ৰমা কেবিনেট সমিতিয়ে ল'ব ।

অৱশ্যে অধিৱেশনখন পুৰণি ভৱনটোত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । কিয়নো চৰকাৰে এই মাহৰ শেষৰ ফালে বা ডিচেম্বৰৰ আৰম্ভণিতে নতুন ভৱনটোৰ এটা সাংকেতিক উদ্বোধন কৰাৰ কথা আছে । সূত্ৰৰ নতুন সংসদ ভৱনটো আনুমানিক ১,২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে (Parliament new building)।

সংসদৰ শীতকালীন অধিৱেশন সাধাৰণতে নৱেম্বৰৰ তৃতীয় সপ্তাহত আৰম্ভ হয় । অধিৱেশনৰ সময়ত প্ৰায় ২০ খনকৈ বৈঠক অনুষ্ঠিত হয় । কিন্তু ২০১৭ আৰু ২০১৮ চনত অধিৱেশন ডিচেম্বৰত অনুষ্ঠিত হৈছিল । গুজৰাটৰ বিধানসভা নিৰ্বাচন ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব, আনহাতে গুজৰাট আৰু হিমাচল প্ৰদেশ দুয়োখন ৰাজ্যৰ ভোটগণনা ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব (Gujarat and Himachal election)।

চৰকাৰৰ লক্ষ্য আছিল শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে নতুন ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, কিন্তু কিছুমান নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়তকৈ পলম হ'ব পাৰে । সূত্ৰই জনোৱা মতে ভৱনটো সম্পূৰ্ণৰূপে সাজু হোৱাৰ পাছতো, কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিবলৈ প্ৰায় ১৫-২০ দিনৰ প্ৰয়োজন হ'ব । সম্ভৱত অহা বছৰৰ বাজেট অধিৱেশন নতুন ভৱনত অনুষ্ঠিত হ'ব । পুৰণি ভৱনটোত শীতকালীন অধিৱেশন আয়োজনৰ ব্যৱস্থা আৰম্ভ হৈছে ।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে পূৰ্বে কৈছিল যে কেন্দ্ৰই শীতকালীন অধিৱেশনত ১,৫০০ তকৈও অধিক পুৰণি আইন বাতিল কৰিব । অৱশ্যে এই অধিৱেশনত নতুন কি কি বিধেয়ক বা আইন দাখিল কৰা হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এই অধিৱেশনখনৰ জৰিয়তে বিজেপি চৰকাৰৰ ৰণনীতিও স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক :Himachal Election Polling 2022: আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.