ETV Bharat / bharat

Himachal Election Polling 2022: আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

author img

By

Published : Nov 12, 2022, 9:46 AM IST

More than 55 lakh voters will vote for 412 candidates in all 68 Seats of Himachal election 2022
Himachal Election Polling 2022: হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

হিমাচল প্ৰদেশত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ শনিবাৰে পুৱা 8 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৰাজ্যখনত ৷ বিয়লি 5 বজালৈ চলিব ভোটগ্ৰহণ (Himachal Pradesh polling 2022) ৷

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ: শনিবাৰে পুৱা 8 বজাৰ পৰা হিমাচল প্ৰদেশত চতুৰ্দশ বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ বিয়লি 5 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ ৰাজ্যখনৰ 68 খন আসনৰ বাবে (68 Seats of Himachal election 2022) 412 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷ ৰাজ্যখনত 7881 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে ৷

হিমাচল প্ৰদেশত সাধাৰণতে নিৰ্বাচনৰ সময়ত হিংসাত্মক ঘটনা নগণ্য হয় যদিও ৰাজ্যখনৰ 789 টা কেন্দ্ৰ সংবেদনশীল আৰু 397 টা কেন্দ্ৰ বুথ অতি-সংবেদনশীল শ্ৰেণীত আছে ৷ এইবাৰ এই নিৰ্বাচনত 31536 জন কৰ্মচাৰীয়ে নিৰ্বাচনী দায়িত্ব পালন কৰিছে(Total candidates in Himachal election) ৷

নিৰ্বাচন আয়োগৰ মতে, এইবাৰ হিমাচল প্ৰদেশত 55,92,828 গৰাকী ভোটাৰ আছে ৷ ইয়াৰ ভিতৰত 28,54,945 জন পুৰুষ ভোটাৰ আৰু 27,37,845 গৰাকী মহিলা ভোটাৰ ৷ 38 গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে এইবাৰ ৷ মুঠ 7,881 টা ভোটকেন্দ্ৰৰ ভিতৰত 7,235 টা গ্ৰাম্য অঞ্চলত আছে ৷ আনহাতে চহৰাঞ্চলত আছে 646 টা কেন্দ্ৰ ৷

এই বৰ্ষৰ বিধানসভা নিৰ্বাচনত ১৮-১৯ বছৰ বয়সৰ ১,৯৩,১০৬ জন নতুন ভোটাৰ সংযোগ হৈছে ৷ 2017 চনত এই বয়সৰ যুৱ ভোটাৰৰ সংখ্যা আছিল 1,10,039 জন ৷ যোৱা নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যা আছিল 24,07,503 গৰাকী । মুঠ ভোটাৰৰ ৪৯.০৭ শতাংশ আছিল ৷ পূৰ্বৰ তুলনাত এইবাৰ নিৰ্বাচনত 80 বছৰৰ উৰ্দ্ধৰ 1,21,409 জন জ্যেষ্ঠ ভোটাৰ আছে ৷ ইয়াৰ লগতে বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে 56,501 গৰাকী(Total candidates in Himachal election)৷

এইবাৰ ৰাজ্যখনৰ ৬৮ খন বিধানসভা আসনৰ বাবে ৪১২ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । বিজেপি আৰু কংগ্ৰেছে ৬৮ খন আসনত, আম আদমী পাৰ্টীয়ে ৬৭ খন আসনত আৰু বিএছপিয়ে ৫৩ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে ৷ মুঠ ১৩ টা দলে এই নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী আগবঢ়াইছে ৷ ৰাষ্ট্ৰীয় দেৱভূমি পাৰ্টিৰ 29 জন, চিপিআই(এম)ৰ 11 জন, হিমাচল জন ক্ৰান্তি পাৰ্টিৰ 6 গৰাকী, হিন্দু সমাজ পাৰ্টি আৰু স্বাভিমান পাৰ্টিৰ 3 গৰাকী প্ৰাৰ্থী আছে, হিমাচল জনতা পাৰ্টি, ভাৰতীয় বীৰ দল, সৈনিক সমাজ পাৰ্টি, ৰাষ্ট্ৰীয় লোনিটি পাৰ্টি আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ 1 জনকৈ প্ৰাৰ্থী আছে। আনহাতে 99 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

মুঠ 412 জন প্ৰাৰ্থীৰ ভিতৰত, 24 গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত বিজেপিয়ে ৭ গৰাকী আৰু আম আদমী পাৰ্টীয়ে ৫ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিছে ৷ কংগ্ৰেছে ৩ গৰাকী, বিএছপিয়ে এই নিৰ্বাচনত ২ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷

হিমাচলৰ কাংৰা জিলাৰ পৰা সৰ্বাধিক ৯১ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ জিলাখনত মুঠ ১৫ টা বিধানসভা সমষ্টি আছে ৷ লাহৌল-স্পিতি আৰু কিন্নৌৰ জিলাত এটাকৈ বিধানসভাৰ সমষ্টি আছে ৷ কিন্নৌৰত 5 গৰাকী আৰু লাহৌল-স্পিতিত 3 গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ মাণ্ডি জিলাৰ যোগিন্দৰ নগৰ বিধানসভা সমষ্টিত সৰ্বাধিক ১১ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷

হিমাচল প্ৰদেশৰ নিৰ্বাচনী ইতিহাসত 2012 চনত সৰ্বাধিক ৬৮ খন আসনত মুঠ ৪৫৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল ৷ 2012 বৰ্ষত ৰাজ্যখনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল ৷ 2017 চনৰ হিমাচলৰ নিৰ্বাচনত ৩৩৭ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ 1993 চনত হিমাচলত প্ৰাৰ্থীৰ সংখ্যা আছিল 416 গৰাকী, ১৯৯৮ চনত 416 গৰাকী , ২০০৩ চনত 369 গৰাকী আৰু ২০০৭ চনত ৩৩৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢাইছিল ৷

2003 চনৰ নিৰ্বাচনত 74.51 শতাংশৰ বিপৰীতে 2017 চনত ভোটদানৰ হাৰ আছিল 74.64 শতাংশ । ৰাজ্যখনত এইবাৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে, সেয়েহে ভোটকেন্দ্ৰৰ সংখ্যাও বৃদ্ধি পাইছে ।

লগতে পঢ়ক: Sonowal inaugurates 7 jetties : যোগী আদিত্যনাথৰ সৈতে বৃহৎ আঁচনি মুকলি কৰিলে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.