ETV Bharat / state

Sonowal inaugurates 7 jetties : যোগী আদিত্যনাথৰ সৈতে বৃহৎ আঁচনি মুকলি কৰিলে সৰ্বানন্দ সোণোৱালে

author img

By

Published : Nov 11, 2022, 10:51 PM IST

যোগী আদিত্য নাথৰ সৈতে উত্তৰ প্ৰদেশত ৭ টা সামূহিক জাহাজঘাট মুকলিকৰণৰ উপৰি ৮ টা সামূহিক জাহাজঘাটৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sonowal inaugurates 7 jetties) ৷ উত্তৰ প্ৰদেশ আৰু অসমৰ জলপথত চলাচলৰ বাবে ১৩০ কোটি টকা ব্যয়সাপেক্ষে মুঠ আঠখন বৈদ্যুতিক হাইব্ৰিড জাহাজ উন্নীতকৰণৰ কথা ঘোষণা ৷

Sonowal inaugurates 7 jetties
Sonowal inaugurates 7 jetties

গুৱাহাটী, 11 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সৈতে বৰাণসীত বৃহৎ কেন্দ্ৰীয় আঁচনিৰ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ 'প্ৰধানমন্ত্ৰী গতি শক্তি' আঁচনিৰ (PM Gati Shakti Scheme) সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে বাৰাণসীক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰিছে ।

চলিত প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টিম'ডেল জলপথ সন্মিলন, ২০২২ত ভাগ লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত শুকুৰবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union minister Sarbananda Sonawal)৷ অনুষ্ঠানটোত বাৰাণসীত ৩ টা জেটি, বালিয়াত ২ টা আৰু চন্দৌলি, গাজীপুৰত এটাকৈ জেটিৰে মুঠ সাতটা সামূহিক জেটিৰ আজি শুভ উদ্বোধন কৰা হয় ।

Sonowal inaugurates 7 jetties
নাথৰ সৈতে কেন্দ্ৰীযোগী আদিত্যনাথৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আন ৮ টা জেটিৰো আধাৰশিলা স্থাপন কৰে সৰ্বানন্দ সোণোৱাল আৰু যোগী আদিত্যনাথে(Yogi Adityanath) ৷ বাৰাণসী টাৰ্মিনেলৰ বাবে শূন্য নিৰ্গমন হাইড্ৰজেন ইন্ধন চেলযুক্ত যাত্ৰীবাহী কেটামাৰান জাহাজ উন্নীত কৰাৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঘোষণা কৰে ।

তদুপৰি, আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ বাৰাণসীলৈ চাৰিখন বৈদ্যুতিক হাইব্ৰিড জাহাজ আগবঢ়োৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয় । কেন্দ্ৰীয় চৰকাৰে ৫০ পেক্স ক্ষমতাৰ আঠখন বৈদ্যুতিক হাইব্ৰিড জাহাজ উন্নীতকৰণৰ বাবে ১৩০ কোটি টকাৰ বাজেট মঞ্জুৰ কৰিছে, যিবোৰ ৰাষ্ট্ৰীয় জলপথ-১ (গংগা)ৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ বাৰাণসী, অযোধ্যা, মথুৰা, বৃন্দাবন আৰু ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ মাধ্যমেৰে অসমত চলাচল কৰা হ'ব ।

Sonowal inaugurates 7 jetties
যোগী আদিত্যনাথৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখযোগ্য যে, অহা বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত ভাৰতৰ দীৰ্ঘতম ক্ৰুজ সেৱা আৰম্ভ হ'ব, যি বেনাৰসৰ পৰা আৰম্ভ কৰি বগীবিলত প্ৰৱেশ কৰিব । ৪০০০ কিমি. নদী পথজোৰা এই যাত্ৰাই নদী আন্তঃগাঁথনি আৰু পৰ্যটনক এক নতুন গতি দিব আৰু ই ৫০ টা পৰ্যটনস্থলী তথা বিভিন্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰকো সামৰি ল'ব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "পৱিত্ৰ গংগা কেৱল ভাৰতৰ আধ্যাত্মিক জীৱনীশক্তিয়েই নহয়, এয়া হৈছে দেশৰ অৰ্থনৈতিক বিকাশক পুষ্টি প্ৰদান কৰা চালিকাশক্তিস্বৰূপ । আজি বাৰাণসীত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি আৰু উন্নীত কৰা জেটিসমূহে উত্তৰ প্ৰদেশ, বিহাৰ, বংগৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলকো যথেষ্ট উপকৃত কৰিব’’।

Sonowal inaugurates 7 jetties
যোগী আদিত্যনাথৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, প্ৰধানমন্ত্ৰী গতি শক্তি যোজনাৰ সহায়ত কেৱল উত্তৰ প্ৰদেশেই নহয়, সমগ্ৰ দেশ ইয়াৰদ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু অৰ্থনৈতিক উন্নতি ত্বৰান্বিত হ'ব । আজিৰ পদক্ষেপবোৰৰ লগতে শেহতীয়া আঁচনিবোৰে উত্তৰ প্ৰদেশৰপৰা কৃষিজাত আৰু অন্যান্য সামগ্ৰীৰ ৰপ্তানিত সহায় কৰিব ।

এইক্ষেত্ৰত অভ্যন্তৰীণ জলপথৰ জৰিয়তে সাগৰীয় বন্দৰসমূহৰ সংযোগীকৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল প্ৰচেষ্টাৰ বিশেষ শলাগ লয় । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় পীয়ুষ গোয়েল, মহেন্দ্ৰ নাথ পাণ্ডে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শান্তনু ঠাকুৰ আৰু শ্ৰীপদ নায়েক, বাংলাদেশৰ মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী, উত্তৰ প্ৰদেশৰ মন্ত্ৰী প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক : Experimental farming in Dhemaji : ধেমাজিৰ কৃষকলৈ আহিছে আশাৰ বতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.