যোৰহাটত ব্যৱসায়ীক ধনদাবী কৰা দুই অভিযুক্তক আটক - Extortion In Jorhat
Crime in Jorhat: যোৰহাটৰ বিভিন্ন ঠাইত পুনৰ ডকাইত বাবুল লাহনে আৰম্ভ কৰিছে তাণ্ডৱ । এইবাৰ ব্য়ৱসায়ীক ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিচতেই আটক অভিযুক্ত ।

Published : April 29, 2024 at 5:36 PM IST
যোৰহাট, ২৯ এপ্ৰিল: যোৰহাটৰ কুখ্যাত ডকাইত বাবুল লাহনৰ নেতৃত্বত ব্য়ৱসায়ীক ধনদাবী আৰু গুলীয়াই প্ৰাণনাশৰ ভাবুকি দিয়া ঘটনাত জড়িত দুই অভিযুক্তক শনিবাৰৰ নিশা আৰক্ষীয়ে আটক কৰে । এই ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্য়ৱসায়ী পুলিন মহন্তই ভোগদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিচতেই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে । এটা উচ্চপদস্থ আৰক্ষীৰ দলে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ সময়তেই দুই অভিযুক্তক নিজ গৃহতেই আটক কৰি যোৰহাট সদৰ থানালৈ আনে । ইয়াৰ পিচতেই আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে দুয়োকে সোধা-পোছা আৰম্ভ কৰে ।
আৰক্ষীয়ে তদন্তৰ খাতিৰত দুই অভিযুক্তৰ নাম উল্লেখ কৰা নাই । ইপিনে, এই ঘটনাৰে জড়িত আন কেইবাজনো অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে । উল্লেখ্য় যে জিলাখনৰ কেইবাটাও হত্যাকাণ্ড আৰু ডকাইতি কাণ্ডত জড়িত কুখ্যাত ডকাইত বাবুল লাহনৰ নেতৃত্বত এটা দলে দেওবাৰে এজন যুৱ ব্যৱসায়ীক ধনদাবী কৰাৰ লগতে তেওঁৰ কৰ্মচাৰীক পিষ্টলেৰে গুলীয়াই হত্য়া কৰাৰ ভাবুকি দিছিল । এই ঘটনাৰ পিচতেই ভুক্তভোগীয়ে ভোগদৈ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ।
এই প্ৰসংগত ব্য়ৱসায়ী পুলিন মহন্তই কয় যে তেওঁ চৰকাৰী অনুজ্ঞাপত্ৰ থকা ভোগদৈ গড়মূৰৰ এম চি এ ২ নং ঘাটৰ পৰা যোৰহাট মেলেং কপৌধৰাত থকা লীলাধৰ গট্টানিৰ এডোখৰ স্থানত মাটি পেলাবৰ বাবে বন্দোবস্তি কৰে । সেই অনুসৰি উক্ত স্থানত মাটি পেলাবৰ বাবে দেওবাৰে ডাম্পাৰৰে মাটি নিবলৈ আৰম্ভ কৰে । কিন্তু সেই সময়তেই কুখ্যাত ডকাইত বাবুল লাহনৰ নিৰ্দেশত দিনমনি, জনৈক দিপজ্যোতি চেতিয়া,বাবলু গগৈ,মিথু বৰা আৰু পাপুয়ে উক্ত স্থানত উপস্থিত হৈ পুলিন মহন্তৰ কৰ্মচাৰী লক্ষীকান্ত বৰকাকতিক ধমক দিয়ে ।
লগতে পঢ়ক:যোৰহাটত কুখ্যাত ডকাইত বাবুল লাহনৰ নেতৃত্বত ব্যৱসায়ীক ধনদাবী - Extortion In Jorhat

