নলবাৰী, ২৪ জানুৱাৰী : এগৰাকী প্ৰকৃতিপ্ৰেমী ৷ নাম কৰুণা শৰ্মা ৷ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে কৰুণা শৰ্মাই (Karuna Sharma shows an example of love for nature) ৷ ব্যক্তিগত প্ৰচেষ্টাত নিজৰ ঘৰতে নাৰ্চাৰী গঁঢ়ি বিভিন্ন প্ৰান্তত ৰোপণ কৰিছে গছপুলি ৷ যিটো সময়ত বন ধ্বংসযজ্ঞ চলি আহিছে, তেনে সময়তে নলবাৰীৰ এইগৰাকী প্ৰকৃতি প্ৰেমীৰ কাৰ্যই এতিয়া আনন্দিত কৰি তুলিছে সকলোকে ৷
উল্লেখযোগ্য যে, প্ৰকৃতিপ্ৰেমী কৰুণা শৰ্মাৰ ঘৰ নলবাৰীৰ গোৱালপাৰাত ৷ এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ফৰেষ্ট গাৰ্ড হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মঠ-মন্দিৰ, বিল্বেশ্বৰ দেৱালয়, বালিলেছা কালি দেৱালয়কে ধৰি পথৰ দাঁতিত গছপুলি ৰোপন (Tree planting in Assam) কৰি সেই পুঁলিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰে কৰুণা শৰ্মাই ।
আনহাতে, ২০২১ চনত শৈক্ষিক প্ৰতিষ্ঠান জাতিস্কাৰ নামে এটা বে-চৰকাৰী সংস্থা (NGO) জন্ম দিছিল প্ৰকৃতি প্ৰেমী কৰুণা শৰ্মাই (Nature lover Karuna Sharma) ৷ সেই বে-চৰকাৰী সংস্থাটোৰ জৰিয়তেও বহু সময়ত বিভিন্ন গছপুলি ৰোপন কৰি তাৰ প্ৰতিপালন কৰি আহিছে এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷