Road accident at Boko : বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, অগ্নিদগ্ধ হৈ দুজনৰ মৃত্যু

author img

By

Published : Jan 24, 2023, 10:42 AM IST

Road accident at Boko

বকোৰ বীৰপাৰাত অঘটন ৷ ট্ৰাক আৰু ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পাছতে দুয়োখন বাহনৰ লগতে সেই স্থানত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড (Road accident at Boko) ৷ এই অগ্নিকাণ্ডৰ ফলত পথৰ কাষত ৰৈ থকা আন এখন বাহনো ভস্মীভূত হয় ৷ লগতে দুৰ্ঘটনাটোত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় দুজন লোকৰ (Men Burned to death alive) ৷

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে দুজন চালক

বকো, 24 জানুৱাৰী : বকোৰ বীৰপাৰাত ভয়ানক দুৰ্ঘটনা । মঙলবাৰে পুৱতি নিশা প্ৰায় 3 বজাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় (Road accident at Boko)। এই দুৰ্ঘটনাৰ পাচতে দাও-দাওকৈ জ্বলি উঠে বাহন দুখন ৷ আনকি এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পূৰ্বৰে পৰা ৰৈ আছিল আন এখন বাহন ৷

পৰৱৰ্তী পৰ্যায়ত ট্ৰাক আৰু ডাম্পাৰ দুখনৰ লেলিহান শিখাই পথৰ কাষত ৰৈ থকা বাহনখনকো আঁৱৰি ধৰে ৷ এই অগ্নিকাণ্ডৰ ফলত দুজন চালক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে (Men Burned to death alive) । তেওঁলোক হ’ল ডাম্পাৰৰ চালক ভদ্ৰেশ্বৰ পাটগিৰি আৰু সহচালক কৃষ্ণ দাস ৷

এওঁলোকৰ লগতে ডাম্পাৰৰ আন এজন চালক মনোজ দাস গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, ডাম্পাৰ চালক কৃষ্ণ দাসৰ ঘৰ বামুণীগাঁৱত । আনজন চালক ভদ্ৰেশ্বৰ পাটগিৰিৰ ঘৰ মাটীয়া উপৰতোলাত । এই ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷

লগতে পঢ়ক : Republic Day Parade Rehearsal 2023: দিল্লীৰ ৰাজপথত ৭৪ তম গণৰাজ্য দিৱসৰ পেৰেডৰ অন্তিম অনুশীলন

খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰে ৷ আনহাতে, কেবাঘন্টাৰ প্ৰচেষ্টাৰ অন্তত তিনিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই দুৰ্ঘটনাত সেই স্থানত থকা এখন চাহ দোকানো ভস্মীভূত হয় ।

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS01 JC 3904 আৰু ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে AS25 EC 1877 আৰু AS01 NC 9882 ৷ উল্লেখ্য যে, চালকৰ আসনত হেণ্ডিমেন কৃষ্ণ দাস বহি থকাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, বকো থানাৰ অন্তৰ্গত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । সোমবাৰে নিশাও বকোৰ বামুণীগাঁৱৰ ভূৰ্কীবাৰীত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ য‘ত নিহত হৈছিল এজন বাইক আৰোহী ।

বাতৰি যুগুত কৰা পৰলৈকে উদ্ধাৰ হোৱা নাই বাইক আৰোহীৰ পৰিচয় । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, অচিনাক্ত বাহনৰ খুন্দাত নিহত হৈছিল বাইক আৰোহীগৰাকী ।

লগতে পঢ়ক : Rape case in Assam: ধৰ্ষণৰ বলি হৈ সন্তান প্ৰসৱ কৰা কিশোৰীৰ হাস্পতালত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.