Rape case in Assam: ধৰ্ষণৰ বলি হৈ সন্তান প্ৰসৱ কৰা কিশোৰীৰ হাস্পতালত মৃত্যু

Rape case in Assam: ধৰ্ষণৰ বলি হৈ সন্তান প্ৰসৱ কৰা কিশোৰীৰ হাস্পতালত মৃত্যু
বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ধৰ্ষণৰ বলি হৈ সন্তান প্ৰসৱ কৰিবলৈ বাধ্য হোৱা এগৰাকী কিশোৰীৰ (Minor Rape Survivor Gives Birth) ৷ আনহাতে জন্মৰ পাছতেই মৃত্যু হয় নৱজাতকটিৰ ৷ বৰ্তমানেও ধৰ্ষণৰ পলাতক অভিযুক্ত যোগ চাংমাই ৷ আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় লোকৰ ৷
বৰপেটা ২৩ জানুৱাৰী: বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত সোমবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ৷ মৃত্যুমুখত পৰা কিশোৰীৰ ঘৰ গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত ভুচখুলি গাঁৱত ৷ ৭ মাহৰ পূৰ্বে ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীয়ে দেওবাৰে নিশা গোৱালপাৰা অসামৰিক হাস্পতালত জন্ম দিছিল এটি পুত্ৰ সন্তান (Minor Rape Survivor Gives Birth ) ৷ কিন্তু সন্তানটোৰ জন্মৰ কিছু সময়ৰ পিচতে মৃত্যু হৈছিল সন্তানটিৰ ৷
ইপিনে কিশোৰী মাতৃগৰাকীৰো স্বাস্থ্যৰ ক্ৰমে অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ (Fakhruddin Ali Ahmed Medical College) প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পাছত চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে কিশোৰীগৰাকীৰ ৷ পৰিয়ালৰ লোকে জনোৱা মতে সাত মাহ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকী ৷ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে ওচৰৰে যোগ চাংমাই নামৰ ৪০ বছৰীয়া এজন লোকে ভয়-ভাবুকিৰে ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷
অভিযুক্ত যোগ চাংমায়ে কিশোৰীগৰাকীক ধৰ্ষণৰ পাছত তেওঁক ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকি দিয়ে ৷ যাৰ বাবে ভয়তে কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক জনোৱা নাছিল কোনো কথা ৷ ধৰ্ষণৰ বলি হৈ অৱশেষত অকাল মাতৃত্বক আঁকোৱালি ল’বলগীয়া হোৱা কিশোৰীগৰাকীয়ে আজি এটি সন্তান প্ৰসৱ কৰাৰ পাচত চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যু আঁকোৱালি ল’বলগীয়া হয় ৷
ইফালে অভিযুক্ত যোগ চাংমাইৰ বিৰুদ্ধে গোৱালপাৰাৰ ৰংছাই আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল যদিও যোগ চাংমাইক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইপিনে ধৰ্ষণৰ বলি হৈ সন্তান প্ৰসৱ কৰিবলৈ বাধ্য হোৱা কিশোৰীৰ কৰুণ মৃত্যুকলৈ এতিয়া গোৱালপাৰাৰ ৰংছাই অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ স্থানীয় লোকে আৰক্ষী ভূমিকাকো লৈ সন্দেহ ব্যক্ত কৰিছে ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি অসমত বাল্যবিবাহ কৰাসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰে ৷ অসমত অবৈধভাৱে কম বয়সৰ ছোৱালী বিবাহ কৰা অৰ্থাৎ বাল্য বিবাহ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Operation against child marriage in Assam) ।
অসমত অবৈধভাৱে কম বয়সৰ ছোৱালী বিবাহ কৰাসকলক আৰু এই বিবাহত সহায় কৰাসকলক কঠোৰ হাতেৰে দমন কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে । কোনো লোক ধৰা পৰিলে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM strict against child marriage) ৷ এনে পৰিস্থিতিত ধৰ্ষণ তথা নাবালিকা ধৰ্ষণকাৰীৰ বিৰুদ্ধে অসম চৰকাৰ তথা আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়তহে জানিব পৰা হ’ব ৷
লগতে পঢ়ক: Woman Gang Raped : জন্মদিনৰ পাৰ্টীত মহিলাক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ ৩
