Woman Gang Raped : জন্মদিনৰ পাৰ্টীত মহিলাক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ ৩

author img

By

Published : Dec 14, 2022, 2:24 PM IST

rap

ভুৱনেশ্বৰত অতি উচ্চস্বৰত জন্মদিন উদযাপনত আপত্তি কৰাৰ বাবে এগৰাকী মহিলাক ৩ জন যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Woman gang raped at birthday party) । বুধবাৰে আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ ।

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ১১ ডিচেম্বৰত ওড়িশাৰ ভুৱনেশ্বৰৰ মানচেশ্বৰ আৰক্ষী থানা এলেকাত সংঘটিত এটা জঘন্য ঘটনাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে (Woman gang raped at birthday party in Bhubaneswar) । উক্ত ঘটনাত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । উক্ত ঘটনাটোৰ বিষয়ে ভুক্তভোগীয়ে সোমবাৰে অভিযোগ দাখিল কৰাৰ পিছত পোহৰলৈ আহে ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰিছে । অভিযুক্তকেইজনক দেৱশিস প্ৰধান, দীপক কুমাৰ শেঠী আৰু স্বাধীন কুমাৰ নায়ক বুলি চিনাক্ত কৰা হৈছে (3 arrested for gang raped) ।

মানচেশ্বৰ আৰক্ষীৰ তথ্য অনুসৰি, দীপকে ১১ ডিচেম্বৰৰ সন্ধিয়া তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ এটা পাৰ্টীৰ আয়োজন কৰিছিল । কিন্তু উক্ত জন্মদিনৰ পাৰ্টী উদযাপন কৰি থকাৰ সময়ত অভিযুক্তসকলে তীব্ৰ শব্দ কৰি আছিল । যাৰ ফলত স্থানীয় অঞ্চলত এক অশান্তিকৰ পৰিবেশৰ সৃষ্টি হৈছিল । তেনে পৰিস্থিতিত স্থানীয় অঞ্চলটোৰ ভুক্তভোগী মহিলাগৰাকীয়ে উচ্চস্তৰৰ পাৰ্টী পৰিহাৰ কৰিবলৈ যুৱক তিনিজনক জনায় আৰু উক্ত পাৰ্টী সম্পৰ্কে আপত্তি দৰ্শায় ।

কিন্তু মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰাৰ পিছতেই যুৱককেইজন তেওঁৰ ওপৰত খড়গহস্ত হৈ পৰে । তাৰ পিছত অভিযুক্ত তিনিওজনে মহিলাগৰাকীক এটা ঘৰলৈ টানি নি তাত তেওঁক দলবদ্ধভাৱে ধৰ্ষণ কৰি অভিযুক্তকেইজন আঁতৰি যায় (woman allegedly gang raped by 3 youths) । উল্লেখ্য, মহিলাগৰাকীৰ স্বামী সেই সময়ত ঘৰত উপস্থিত নাছিল ।

প্ৰাপ্ত তথ্য মতে, দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে ঘটনাৰ সময়ত সহায়ৰ বাবে চিঞৰ-বাখৰ কৰে (gang raped victim screamed for help) । সেই শব্দ শুনি চুবুৰীয়া কিছু লোক ঘটনাস্থলীলৈ দৌৰি যায় আৰু ভুক্তভোগী মহিলাগৰাকীক অভিযুক্তৰ কবলৰ পৰা উদ্ধাৰ কৰে । অৱশ্যে উক্ত ঠাই এৰি যোৱাৰ পূৰ্বে অভিযুক্ত তিনিওজনে ভুক্তভোগীক হত্যাৰ ভাবুকিও প্ৰদান কৰে (threatened to kill raped victim) । অভিযুক্তসকলে সোধা-পোছাৰ সময়ত তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.