Jihadi threatening letter: বৰপেটাত উদ্ধাৰ জেহাদীৰ ভাবুকি পত্ৰ !

author img

By

Published : Jan 24, 2023, 12:24 PM IST

Jihadi threatening letter recovered in Barpeta

গণৰাজ্য দিৱসৰ পূৰ্বে বৰপেটাৰ বহৰিত জেহাদীয়ে পেলাই থৈ গ’ল ভাবুকি পত্ৰ (Jihadi threatening letter in Barpeta)৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৰপেটাবাসী ৷

জেহাদীয়ে পেলাই থৈ গ’ল ভাবুকি পত্ৰ

বৰপেটা, ২৪ জানুৱাৰী : সমাগত গণৰাজ্য দিৱস (Upcoming Republic day 2023) ৷ গণৰাজ্য দিৱসৰ পূৰ্বেই বৰপেটাত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিয়নো বৰপেটাৰ বহৰিৰ বুনাগোসাঁই থানত এখন বা দুখন নহয়, কেবাখনো ভাবুকি পত্ৰ উদ্ধাৰ কৰা হয় ৷ এই ভাবুকি পত্ৰকেইখন জেহাদীয়ে পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে (Jihadi threatening letter recovered in Barpeta) ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, মঙলবাৰে বৰপেটাৰ বহৰিৰ বুনাগোসাঁই থানত জেহাদীৰ নামত বহুকেইখন ভাবুকি পত্ৰ (Jihadi threatening letter) উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ভাগৱত থান হিচাপে পৰিচিত মন্দিৰটোৰ তোৰণৰ তলত আৰু মন্দিৰ চৌহদত জেহাদীৰ নামত পেলাই থৈ গ’ল কেবাখনো ভাবুকি পত্ৰ ৷ বান্দালী জানৰ পাৰ জেহাদী ক্লাৱৰ নামত উদ্ধাৰ হৈছে পত্ৰকেইখন ৷

উক্ত পত্ৰখনত বহৰি সত্ৰবাসীক গো-মাংস খাবলৈ উল্লেখ কৰিছে ৷ আনকি ভাবুকি পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো চেলেঞ্জ কৰি কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাক শাওঁ দিছো ৷ দম আছে যদি বান্দালি ৰিজাৰ্ভত উচ্ছেদ চলাওক’’ ৷ আনকি হিমন্ত বিশ্ব শৰ্মাক কাটি পেলুৱাৰো ভাবুকি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : Police conference in Dibrugarh: তেল চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস জি পি সিঙৰ

জেহাদীয়ে দিয়া উক্ত ভাবুকি পত্ৰখন 2024 চনত ভাগৱত মন্দিৰত গৰুৰ কোৰবানি কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে ৷ ইতিমধ্যে ঘটনাৰ বিষয়ে আৰক্ষীকো অৱগত কৰা হৈছে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত বহৰিস্থ তাৰাবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ পত্ৰকেইখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰকৃততে কোনে, কি উদ্দেশ্যৰে থানখনত পত্ৰ কেইখন পেলাই থৈ গ’ল সেয়া তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷ কিন্তু গণৰাজ্য দিৱসৰ পূৰ্বে পোহৰলৈ অহা এই ঘটনাই এতিয়া বহুতৰে মনত বহু প্ৰশ্নৰ উদয় কৰিছে ৷

লগতে পঢ়ক : Republic day 2023: সাম্ভাৱ্য় কূটাঘাত ৰোধৰ পৰিকল্পনাৰে ডিব্ৰুগড়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.