Police conference in Dibrugarh: তেল চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস জি পি সিঙৰ

author img

By

Published : Jan 23, 2023, 10:15 PM IST

Police conference in Dibrugarh

উজনি অসমত সংঘটিত হৈ অহা তেল চুৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে (Oil theft in Upper Assam) ৷ লগতে উজনি অসমত অপৰাধজনিত ঘটনা ৰোধৰ বাবে ব্যৱস্থা ল’ব আৰক্ষীয়ে ৷ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকৰ অন্তত এই ঘোষণা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷

অইল ইণ্ডিয়াৰ তেল চুৰিৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা: জি পি সিং

ডিব্ৰুগড়, 23 জানুৱাৰী: তেল চুৰি আৰু বাল্য বিবাহক লৈ কঠোৰ হ’ব অসম আৰক্ষী ৷ উজনি অসমৰ অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপসমূহত যি তেল চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে তাৰ ওপৰত আৰক্ষীয়ে ৰাখিছে তীক্ষ্ণ নজৰ ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই তেল চুৰিৰ লগত জড়িত বহু কেইজনক আটক কৰা হৈছে (Oil theft in Upper Assam) । এই মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ(SDGP GP Singh) ৷

উল্লেখ্য যে, গণৰাজ্য দিৱসৰ(Republic day 2023) পূৰ্বে অতি সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ সোমাবাৰে ডিব্ৰুগড়ত উজনি অসমৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষক, সেনা আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হয় ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷ বৈঠকত অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদমাধ্যমৰ আগত সদৰী কৰে জি পি সিঙে (Police conference in Dibrugarh) ৷

উজনি অসমৰ জিলা সমূহত যাতে অপৰাধজনিত ঘটনা হ্ৰাস কৰিব পাৰি সেই সন্দৰ্ভতো সোমবাৰৰ বৈঠকত আলোচনা কৰা হয় (Crime in Upper Assam) ৷ লগতে, উজনি অসমত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা তেল চুৰিৰ ঘটনা সন্দৰ্ভত পৰ্যালোচনা কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Police to take action against oil theft) ৷ সমান্তৰালভাৱে, ৰাজ্যত হোৱা বাল্য বিবাহৰ (Child marriage in Assam) বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে জি পি সিঙে ৷

আনহাতে, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কূটাঘাতমূলক সংঘটিত হোৱাৰ কোনো ধৰণৰ তথ্য আৰক্ষীৰ হাতত নাই বুলি কোৱাৰ লগতে আলফায়ো কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনাৰ তথ্য চোৰাংচোৱা সংস্থাৰ হাতত নাই বুলি সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ কিন্তু সকলো পৰিস্থিতিৰ বাবেই আৰক্ষীক সাজু থকাৰ নিৰ্দেশ প্ৰদাৰ কৰা বুলি উল্লেখ কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

মন কৰিব লগীয়া যে, শেহতীয়াকৈ উজনি অসমত ব্যাপকভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ এনে পৰিস্থিতিত অপৰাধ নিৰ্মূলৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে ৷ ইফালে, বাল্য বিবাহকলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত ইতিমধ্যেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা 14 বছৰ বয়সৰ ছোৱালী বিয়া পাতিলেই যাব লাগিব জে’ললৈ ৷ আনহাতে, 14 ৰ পৰা 18 বছৰৰ ভিতৰৰ ছোৱালী বিয়া পাতিলে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰতম ব্যৱস্থা ৷

লগতে পঢ়ক: Republic day 2023: সাম্ভাৱ্য় কূটাঘাত ৰোধৰ পৰিকল্পনাৰে ডিব্ৰুগড়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.