Republic day 2023: সাম্ভাৱ্য় কূটাঘাত ৰোধৰ পৰিকল্পনাৰে ডিব্ৰুগড়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিশেষ বৈঠক

author img

By

Published : Jan 23, 2023, 7:18 PM IST

Republic day 2023

উজনি অসমৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষকৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ (SDGP GP Singh) গুৰুত্বপূৰ্ণ বৈঠক ৷ গণৰাজ্য দিৱসৰ পূৰ্বে যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় সেই সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত ৷ শেহতীয়া আলফাৰ গতি-বিধিক লৈয়ো আলোচনা হয় বৈঠকত ৷

গণৰাজ্য দিৱসৰ পূৰ্বে ডিব্ৰুগড়ত আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়, 23 জানুৱাৰী: সমাগত গণৰাজ্য দিৱস (Republic day 2023) ৷ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ যাতে সংঘটিত নহয় তাক ৰোধ কৰিবলৈ ব্যাপকভাৱে তৎপৰ হৈ পৰিছে আৰক্ষী ৷ স্পৰ্শকাতৰ অঞ্চলত সমূহত বৃদ্ধি কৰা হৈছে আৰক্ষীৰ নিৰাপত্তা ৷

গণৰাজ্য দিৱসৰ পূৰ্বে ডিব্ৰুগড়ত উজনি অসমৰ পাঁচখন জিলাৰ আৰক্ষী অধীক্ষকৰে সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (SDGP GP Singh) ৷ আৰক্ষী অধীক্ষকৰ লগত বৈঠকত অংশ গ্ৰহণ উজনি অসমৰ DIG জিৎমল দলেৰ (DIG Jitmol Doley) লগতে সেনা আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়া (High level police conference in Dibrugarh) ৷

26 জানুৱাৰীৰ পূৰ্বে কূটাঘাত ৰোধ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ আৰক্ষী অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক ৷ বৈঠকত নিৰাপত্তাৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে আলফা স্বাধীনৰ শেহতীয়া কাৰ্যকলাপ আৰু অৱস্থিতিৰ বিষয়ে আলোচনা কৰা হয় ৷

স্মৰ্তব্য যে, শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কেইবাটাও স্থানত সংঘৰ্ষ আৰু গুলীচালনৰা ঘটনা সংঘটিত হৈছে ৷ তিনিচুকীয়া জিলাত সংঘটিত হোৱা গুলীচালানা আৰু সংঘৰ্ষৰে আলফা স্বাধীন জড়িত থকাৰ কথা সদৰী কৰিছিল আৰক্ষীয়ে ৷ সেয়েহে, তিনিচুকীয়া জিলাৰ নিৰাপত্তা দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে (ULFA Movement in Tinsukia) ৷

লক্ষণীয় ভাৱে, শেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনলৈ (United Liberation Front of Assam) বহু যুৱক-যুৱতী গমন কৰা বিষয়টোও সোমবাৰে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হয়(ULFA I recruitment) ৷ মন কৰিব লগীয়া যে, দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰিছিল ৷ তাৰ পিচতেই ডিব্ৰুগড়ত আইন-শৃংখলাৰ পৰ্যৱেক্ষণৰ বাবে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিত অনুষ্ঠিত হয় এই বৈঠক ৷

ডিব্ৰুগড়ৰ আৰক্ষী অতিথিশালাত(Dibrugarh Police guest house) অনুষ্ঠিত হোৱা এই বৈঠকত সাংবাদিকৰ প্ৰৱেশ নিষেধ কৰা হৈছে । গৃহ বিভাগে আৰক্ষীৰ বহু কেইজন শীৰ্ষ বিষয়াক ৰদ-বদল কৰাৰ পাচতে অনুষ্ঠিত হোৱা এইখন আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বৈঠকে উজনিৰ আৰক্ষী প্ৰশাসনৰ বাবে বহু গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ অৱশ্যে বৈঠকত কি কি বিষয়ৰ ওপৰত বিতং ভাৱে আলোচনা কৰা হ’ল সেই কথা এতিয়াও সংবাদমাধ্যমৰ আগত অৱগত কৰা নাই বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

লগতে পঢ়ক: Peace talk with ULFA I: থলগিৰিয়ে নিৰ্ধাৰণ কৰিব সাৰ্বভৌমত্বৰ প্ৰাসংগিকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.