Peace talk with ULFA I: থলগিৰিয়ে নিৰ্ধাৰণ কৰিব সাৰ্বভৌমত্বৰ প্ৰাসংগিকতা

author img

By

Published : Jan 22, 2023, 6:25 PM IST

Peace talk with ULFA I

আলফা-চৰকাৰৰ(ULFA govt peace talk) মাজৰ শান্তি আলোচনাৰ প্ৰসংগ ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ সময়তে অসমৰ ৰাইজৰ সাৰ্বভৌমত্ব লাগে নে নেলাগে সেই সন্দৰ্ভত এক গণভোট আয়োজনৰ আহ্বান পৰেশ বৰুৱাৰ ৷ থলগিৰি ৰাইজৰ দ্বাৰা স্বচ্ছ আৰু নিকা ভোটদান অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে পৰেশ বৰুৱাই ৷

নিউজ ডেস্ক, 22 জানুৱাৰী: শীঘ্ৰেই অন্ত পৰিব নেকি আলফা(স্বাধীন) আৰু ভাৰত চৰকাৰৰ মাজৰ ৰাজনৈতিক সংঘাত ? আলোচনাৰ মেজলৈ কেতিয়া ঘূৰি আহিব আলফা(স্বাঃ)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা(Paresh Baruah) ? কেন্দ্ৰীয় চৰকাৰৰ সৈতে গঢ়ি উঠিছে নেকি ‘সাৰ্বভৌমত্ব’ক লৈ আলোচনাৰ বাতাবৰণ(Peace talk with ULFA I) ?

দশক দশক ধৰি চলি অহা আলফা(স্বাঃ) আৰু ভাৰত চৰকাৰৰ মাজৰ ৰাজনৈতিক সংঘাত হয়তো এক সমাধানৰ দিশে আগবাঢ়িছে ৷ কাৰণ চৰকাৰৰ সৈতে আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰিছে পৰেশ বৰুৱাই(Paresh Baruah ready for peace talk) ৷ অৱশ্যে এটা চৰ্তত ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাৰে শান্তি আলোচনাৰ ক্ষেত্ৰত অসমৰ জনতা, দল-সংগঠন আৰু বৌদ্ধিক মহলক নৈতিক হেঁচা প্ৰয়োগৰ বাবে আহ্বান জনাইছিল ৷ লগতে পৰেশ বৰুৱাৰ সৈতে কথা-বতৰা চলি থকাৰ কথাও সদৰী কৰিছিল(Assam CM on ULFA) ৷

কিন্তু এতিয়া সকলো সংঘাত অৱসান ঘটোৱাৰ এক ইংগিত যেন প্ৰদান কৰিছে পৰেশ বৰুৱাই ৷ ইতিমধ্যেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা(স্বাঃ)ৰ প্ৰধান দাবী সাৰ্বভৌমত্বক লৈ কেতিয়াও আলোচনা নহয় আৰু এগৰাকী মুখ্যমন্ত্ৰী হিচাপে সাৰ্বভৌমত্বক লৈ আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে ৷ কিন্তু, সাৰ্বভৌত্বৰ বিষয় অবিহনে আলোচনাৰ মেজলৈ আহিবলৈ অপাৰগ পৰেশ বৰুৱা ৷

দশক দশক ধৰি অসমৰ ৰাইজে বিচাৰিছে আলফা(স্বাঃ) আৰু চৰকাৰৰ আলোচনাৰ মাজেৰে অসমলৈ স্থায়ী শান্তি ঘূৰি আহক ৷ পৰেশ বৰুৱাইয়ো যেন এতিয়া সেয়াই বিচাৰিছে ৷ সেয়েহে, অসমক সাৰ্বভৌমত্ব লাগে নে নেলাগে সেই সন্দৰ্ভত অসমৰ থলগিৰি ৰাইজক লৈ এক স্বচ্ছ আৰু নিকা প্ৰত্যক্ষ গণভোট আয়োজনৰ আহ্বান জনাইছে পৰেশ বৰুৱাই(Paresh Baruah urged for Referendum) ৷

শনিবাৰে এটা ব্যক্তিগত চেটেলাইট চেনেলত দিয়া সাক্ষাৎকাৰত পৰেশ বৰুৱাই কয়- ‘‘আলফা(স্বাঃ)ৰ দাবী সাৰ্বভৌমত্বক(ULFA core demand for sovereignty) লৈ এক Referendum অথবা গণভোট অনুষ্ঠিত হওক ৷ কিন্তু সেই গণভোট অনুষ্ঠিত হ’ব লাগিব অসমৰ থলগিৰি ৰাইজক লৈ ৷’’ কোনো বহিৰাগতক অন্তৰ্ভুক্ত কৰি ভোটদান অনুষ্ঠিত হ’লে সেয়া মানি লোৱা নহ’ব বুলিও উল্লেখ কৰে পৰেশ বৰুৱাই ৷

কিন্তু অতি লক্ষণীয় কথাটো হ’ল যে, যদি ভোটদানত থলগিৰি অসমীয়াই সাৰ্বভৌমত্ব অবিহনে অসমত শান্তি লাগে বুলি মত দিয়ে তেন্তে তাত কোনো আপত্তি নাই বুলিও স্পষ্ট কৰি দিয়ে আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, সাৰ্বভৌত্বৰ বিষয় অবিহনে পৰেশ বৰুৱাই যে শান্তি আলোচনাৰ মেজলৈ নাহে সেয়া অতি স্পষ্ট ৷

সেয়া যি কি নহওক, আলফা(স্বাঃ)ৰ দাবী আৰু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপকো ধন্যবাদ জ্ঞাপন কৰিছে পৰেশ বৰুৱাই ৷ কিন্তু পৰেশ বৰুৱাই বিচৰা গণভোটৰ আয়োজন কৰিব নে অসম চৰকাৰ কিম্বা ভাৰত চৰকাৰে ? যদিহে অসমৰ থলগিৰি জনগণে সাৰ্বভৌমত্বৰ সপেক্ষে ভোটদান দিয়ে তেন্তে কি হ’ব ভাৰত চৰকাৰৰ স্থিতি ? অথবা পৰেশ বৰুৱাই বিচৰা গণভোট যদি অনুষ্ঠিত নহয় তেন্তে আলফা(স্বাঃ) আৰু ভাৰত চৰকাৰৰ মাজৰ এনেদৰেই অব্যাহত থাকিব নেকি ? সম্প্ৰতি এনে বহু প্ৰশ্নই উত্থাপন হৈছে ৷

লগতে পঢ়ক: Assam CM reaction regarding Kamatapur: 'কমতাপুৰ'ক লৈ অসমৰ সংবাদ মাধ্যমৰহে শংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.