ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী
ডিগবৈৰ ভীমপথাৰত সন্দেহজনক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (Suspected explosive material recovered at Bhimpathar)। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । বৰ্তমানো আৰক্ষীয়ে বোমা নে আন কিবা সামগ্ৰী সেই সন্দৰ্ভত স্পষ্ট কৰিব পৰা নাই ।
ধুবুৰী আৰক্ষীৰ জালত সন্দেহজনক তিনি কেএলঅ’ৰ সদস্য
শুকুৰবাৰে নিশা ধুবুৰীৰ বিভিন্ন প্ৰান্তত চলিল আৰক্ষীৰ অভিযান । অভিযানত পিষ্টল, গুলিসহ জব্দ কৰে KLO সংগঠনৰ 6 খনকৈ ধন দাবী পত্ৰ ৷ ধুবুৰী আৰক্ষীয়ে আটক 3 জন যুৱক (Dhubri police detained three suspected KLO members) ।
গুলীচালনাত আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল: প্ৰমাণ বিনষ্টৰ চেষ্টাৰে ট্ৰাকত অগ্নিসংযোগ
কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা(Encounter at Kokrajhar) ৷ আৰক্ষীৰ গুলীত আহত হৈছে মোহনলাল নামৰ এটা ড্ৰাগছ ব্যৱসায়ী(Drugs smuggler injured at police encounter) ৷ ৰাজস্থান অভিমুখী এখন ট্ৰাকৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰৰ পিছতে আৰক্ষীৰ চকুত ধূলি মাৰি ট্ৰাকত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷
গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তাৰ বিৰুদ্ধে ছাত্ৰৰ এজাহাৰ
ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হ’ল গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তা ৷ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ (FIR against GCC teacher)৷ ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ সন্দৰ্ভত অভিযুক্ত প্ৰৱক্তাগৰাকীয়ে অস্বীকাৰ নকৰিলেও ছাত্ৰজনে অভিযোগ কৰাৰ দৰে প্ৰহাৰ কৰা নাছিল বুলি মন্তব্য কৰে ৷
ভোগদৈ নদীত উদ্ধাৰ শতাধিক সজীৱ গুলী
যোৰহাটৰ ভোগদৈ নৈত উদ্ধাৰ কেইবাজাঁই সজীৱ গুলী(Live Bullets recovered from Bhogdoi river) ৷ যোৰহাটৰ ৰাজতিয়াৰ সমীপৰ ভোগদৈ নদীত সজীৱ গুলী উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নৈত গা ধুবলৈ যোৱা স্থানীয় লোকে গুলীখিনিৰ সম্ভেদ লাভ কৰি নদীৰ পানীত বুৰ মাৰি উদ্ধাৰ কৰে কেইবাশতাধিক গুলী ৷