অসম

assam

জটিল ৰোগত আক্ৰান্ত কঠিয়াতলীৰ এগৰাকী মেধাৱী ছাত্ৰী

By

Published : Jun 6, 2021, 5:36 PM IST

হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত নগাঁও কঠিয়াতলীৰ প্ৰিয়ংকা বনিয়া নামৰ এগৰাকী মেধাৱী ছাত্ৰী ৷ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা হৃদয়ৱান লোকলৈ সহায়ৰ আহ্বান প্ৰিয়ংকাৰ পিতৃ মাতৃৰ ৷ কোনোৱে যদি প্ৰিয়ংকাক এধানি সহায় কৰিব বিচাৰে তেন্তে SBI নগাঁও হয়বৰগাঁও শাখাৰ A/C= 37016413633 IFSC= SBIN0005914 ত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে । নাইবা 9746970823/ 9678155125 নম্বৰত যোগাযোগ কৰিব পাৰে ।

the-tragic-story-of-a-brilliant-girl-from-nagaon-kothiatoli-suffering-from-a-complex-cardiac-arrest
জটিল ৰোগত আক্ৰান্ত নগাঁও কঠিয়াতলীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ কাহিনী

বঢ়মপূৰ, 6 জুন : নগাঁও জিলাৰ কঠিয়াতলী গৰুবন্ধাৰ এগৰাকী কিশোৰী । মনত তাইৰ দুৰ্বাৰ হেঁপাহ । সপোন তাইৰ বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজকে সংস্থাপিত কৰা । কিন্তু সপোনবোৰ বাস্তৱ কৰিবলৈ তাই যেন থমকি ৰ’বলগীয়া হৈছে । নগাঁও মহাবিদ্যালয়ৰ বাণিজ্য শাখাত অধ্যয়নৰত কঠিয়াতলীৰ এই মেধাৱী ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে হাওঁফাওঁৰ জটিল ৰোগত ।

কঠিয়াতলী গৰুবন্ধাৰ সদানন্দ বনিয়া আৰু জ্যোতি বনিয়াৰ সন্তান প্ৰিয়ংকা বনিয়াৰ হাওঁফাওঁত সৃষ্টি হৈছে ঘাঁ । চিকিৎসকৰ পৰামৰ্শ মতে কোম্পানীত কাম কৰি পোৱা সামান্য টকা কেইটাৰে দেউতাকে প্ৰিয়ংকাৰ চিকিৎসা কৰাই আহিছে যদিও কোনো সুফল পোৱা নাই । প্ৰিয়ংকাক সুস্থ কৰি তুলিবলৈ চিকিৎসকে চেন্নাইৰ চিকিৎসালয়ত ভৰ্তি কৰাই অস্ত্ৰোপ্ৰচাৰ কৰাৰ পৰামৰ্শ দিছে, যাৰ বাবে প্ৰয়োজন ৯ লক্ষাধিক টকাৰ । কোনোমতে দুবেলা দুসাঁজ খাই জীৱন নিৰ্বাহ কৰা পিতৃ মাতৃৰ মূৰত যেন সৰগ ভাঙি পৰিছে ।

জটিল ৰোগত আক্ৰান্ত নগাঁও কঠিয়াতলীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ কাহিনী

সেয়েহে অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা হৃদয়ৱান লোকলৈ প্ৰিয়ংকাৰ লগতে পিতৃ মাতৃৰ কাতৰ অনুৰোধ, তাইৰ সপোনবোৰ বাস্তৱ কৰিবলৈ আপোনালোকে যেন আগবাঢ়ি আহে । কোনোৱে যদি প্ৰিয়ংকাক এধানি সহায় কৰিব বিচাৰে তেন্তে SBI নগাঁও হয়বৰগাঁও শাখাৰ A/C= 37016413633 IFSC= SBIN0005914 ত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে । নাইবা 9746970823/ 9678155125 নম্বৰত যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়ক:ডঃ দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা

ABOUT THE AUTHOR

...view details