নগাঁও, 17 ফেব্ৰুৱাৰী:অৱশেষত বেদখলমুক্ত হ'ল এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য (Burhachapori Wildlife Sanctuary) । বিগত তিনি দিনে শোণিতপুৰ জিলা প্ৰশাসনৰ বুলড’জাৰে এফালৰ পৰা ভাঙি চূৰমাৰ কৰিলে ঘৰ, মছজিদৰ পৰা কৃষিভূমিৰ শস্যলৈ । মঙলবাৰৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে আৰম্ভ কৰা তিনিদিনীয়া উচ্ছেদ অভিযানত অভয়াৰণ্যখনৰ 2099 হেক্টৰ ভূমি কৰিলে বেদখলমুক্ত । অভয়াৰণ্যৰ ভূমি বেদখল কৰা 2553 টা পৰিয়াল উচ্ছেদ কৰিলে শোণিতপুৰ জিলা প্ৰশাসনে (Illegal land encroachment) ।
দীর্ঘদিন ধৰিয়েই লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখল কৰি আশ্ৰয় লৈ থকা দুই সহস্ৰাধিক পৰিয়াল উচ্ছেদ কৰাৰ পাচত সৃষ্টি হয় অৱৰ্ণনীয় পৰিৱেশ । সম্প্ৰতি হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে উচ্ছেদিত লোকসকলৰ মাজত । ক’লৈ যাব কি কৰিব ? যেন দিশহাৰা হৈ পৰিছে উচ্ছেদিত লোকসকল । ইয়াৰ মাজতেই উচ্ছেদিত লোকৰ কাষত উপস্থিত হ’ল প্ৰাক্তন বনমন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদা । কিন্তু সহজ সৰল লোকৰ সমৰ্থন আদায়ৰ বাবেই বিধায়ক নুৰুল হুদাই নাটক ৰচনা কৰা বুলিও উত্থাপন হৈছে অভিযোগ (Eviction drive in Assam) ।
বৃহস্পতিবাৰে উচ্ছেদৰ সময়ত কেমেৰাৰ সন্মুখত ৰুদ্ৰমূৰ্তি বিধায়ক নুৰুল হুদাৰ । ইয়াৰ পাচতেই উচ্ছেদ চলি থকা আন এটা স্থানত উচ্ছেদিত লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি (Eviction in Burhachapori) । বনভূমি উচ্ছেদৰ নামত ৰাজহ গাঁৱত উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদ বন্ধৰ দাবী বিধায়ক নুৰুল হুদাৰ । প্ৰকৃততে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ীয়েই ৰাজহ গাঁৱত বন্ধ হয় উচ্ছেদ অভিযান (anti encroachment drive in Burhachapori) ৷