ETV Bharat / state

Laokhowa Burachapori eviction: বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদক লৈ কি নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ?

author img

By

Published : Feb 16, 2023, 10:32 PM IST

লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি উচ্ছেদৰ নামত ৰাজহ গাঁৱৰ পৰিয়ালক উচ্ছেদৰ অভিযোগ উত্থাপন হৈছে । এই লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন । বুঢ়াচাপৰি লাওখোৱাৰ উচ্ছেদক লৈ বহু বিস্ফোৰক অভিযোগ এগৰাকী অধিবক্তাৰ । বন বিভাগৰ বিষয়াৰ ছত্রছাঁয়াতে অভয়াৰণ্যৰ ভূমিত বেদখল হোৱাৰ অভিযোগ (Eviction at Laokhowa Burachapori sanctuary)। অভয়াৰণ্যৰ বিলৰ মাছ চোৰাংকৈ বিক্ৰীত বন বিভাগৰ লোক জড়িত থকাৰ অভিযোগ । বন বিভাগৰ এটা হাতীৰ মৃত্যু গাপ দিয়াৰো অভিযোগ বন বিভাগৰ বিৰুদ্ধে । ৰকিবুল হুছেইন, নুৰুল হুদাৰ বিৰুদ্ধে কি নাটক কৰাৰ অভিযোগ অধিবক্তাৰ ?

Laokhowa Burachapori eviction drive
অধিবক্তা জাকিৰ হুছেইন ফৰাজীৰে সাক্ষাৎকাৰ

অধিবক্তা জাকিৰ হুছেইন ফৰাজীৰে সাক্ষাৎকাৰ

নগাঁও, ১৬ ফেব্ৰুৱাৰী: লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে চৰকাৰৰ নিৰ্দেশত ইতিমধ্যেই উচ্ছেদ অভিযান আৰম্ভ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে (Laokhowa Burachapori eviction drive) । বৃহস্পতিবাৰে তৃতীয় দিনা উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পিচতেই সৃষ্টি হৈছিল কিছু উত্তপ্ত পৰিস্থিতিৰ । বনভূমি বেদখলমুক্ত কৰাৰ নামত জুৰীয়াৰ সুঁতিৰপাৰৰ ৰাজহ গাঁৱত উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । কিছুদিন পূৰ্বেই ৰাজহ গাঁৱৰ বহু পৰিয়ালে উচ্ছেদৰ জাননী লাভ কৰাৰ পিচতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক আবেদন ।

এই আবেদনৰ ভিত্তিত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এক নিৰ্দেশনা । বনভূমিত উচ্ছেদ চলোৱাৰ বিপৰীতে ৰাজহ গাঁৱত উচ্ছেদ নচলাবলৈ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । এই আবেদনৰ সৈতে জড়িত জাকিৰ হুছেইন ফৰাজী (Advocate Jakir Hussain Faraji in Nagaon) নামৰ এগৰাকী অধিবক্তাই এই সন্দৰ্ভত ETV Bharatৰ সন্মুখত কৰিছে বহুকেইটা বিস্ফোৰক মন্তব্য । অভয়াৰণ্যৰ ভূমিত উচ্ছেদ (Eviction in Burha chapori wildlife sanctuary) কৰাৰ নামত ৰাজহ গাঁৱৰ পৰিয়ালক উচ্ছেদৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে অধিবক্তা জাকিৰ হুছেইন ফৰাজীয়ে ।

লগতে পঢ়ক: Bura Chapori Eviction: বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি তৃতীয়টো দিন

বৃহস্পতিবাৰে ৰাজহ গাঁৱত উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনোৱা বিধায়ক নুৰুল হুদা (Nurul Huda obstructs eviction at Burachapori) আৰু উচ্ছেদিত লোকৰ কাষত থিয় হোৱা প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইন (Rakibul Hussain obstructs eviction at Burachapori) সন্দৰ্ভতো মন্তব্য কৰে অধিবক্তাগৰাকীয়ে । কংগ্ৰেছ চৰকাৰৰ শাসনকালত গৰাখহনীয়াত মাটি-ভেঁটি-হেৰুৱা পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা নকৰি এতিয়া ভোটৰ স্বাৰ্থত নাটক কৰা বুলি অভিযোগ উত্থাপন কৰে অধিবক্তাগৰাকীয়ে । বন বিভাগৰ একাংশ বিষয়াৰ ছত্ৰছায়াতে কংগ্ৰেছৰ শাসনকালত লাওখোৱা বুঢ়াচাপৰিৰ ভূমি বেদখল হোৱাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে তেওঁ (Eviction at Laokhowa Burachapori sanctuary)।

লাওখোৱা বুঢ়াচাপৰি বন বিভাগৰ বিষয়াৰ বিৰুদ্ধে চোৰাংকৈ মাছ বিক্ৰীত জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে অধিবক্তা জাকিৰ হুছেইন ফৰাজীয়ে । চোৰাংকৈ মাছ বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা ৰাজহ গাঁৱৰ লোকক আক্ৰোশমূলকভাৱে উচ্ছেদ কৰাৰো অভিযোগ উত্থাপন কৰিছে অধিবক্তা জাকিৰ হুছেইন ফৰাজীয়ে । ইপিনে ইতিমধ্যে লাওখোৱা, বুঢ়াচাপৰি বন বিভাগৰ এটা হাতীৰ মৃত্যুও বন বিভাগে গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে ।

লগতে পঢ়ক: Laokhowa Burachapori eviction : লাওখোৱাত উচ্ছেদ অভিযানত বাধা প্ৰদান কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.