Laokhowa Burachapori eviction : লাওখোৱাত উচ্ছেদ অভিযানত বাধা প্ৰদান কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ

By

Published : Feb 16, 2023, 3:52 PM IST

thumbnail

নগাঁও,১৬ ফেব্ৰুৱাৰী : বেদখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে (Eviction in Assam)। বিভিন্ন সংৰক্ষিত বনাঞ্চল, সত্ৰ আৰু চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ অব্যাহত ৰাখিছে চৰকাৰে । ইফালে শোণিতপুৰ আৰু নগাঁও জিলাক সামৰি থকা লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে (Eviction at Laokhowa Burachapori sanctuary)। কিন্তু এই উচ্ছেদৰ মাজতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰিলে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ।

উল্লেখ্য যে, লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মঙলবাৰৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে । বিগত দুটা দিনত প্ৰায় ৯০০ হেক্টৰ ভূমিত উচ্ছেদ চলাই প্ৰশাসনে । বৃহস্পতিবাৰেও পুৱাৰে পৰা এই উচ্ছেদ চলি আছিল যদিও হঠাৎ সেই স্থানত উপস্থিত হয় ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা । উচ্ছেদত ব্যৱহৃত এস্কেভেটৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিলে বিধায়কগৰাকীয়ে (Nurul Huda obstructs eviction at Burachapori)।

ইফালে উচ্ছেদত জড়িত প্ৰশাসনৰ লোকসকলকো উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনায় । একপ্ৰকাৰ উচ্ছেদস্থলীত প্ৰশাসনৰ বিৰুদ্ধে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে বিধায়ক নুৰুল হুদাই । বিধায়কগৰাকীয়ে দাবী কৰা মতে প্ৰশাসনে বেআইনীভাৱে সেই স্থানত উচ্ছেদ চলাইছে । বিধায়কগৰাকী উপস্থিত হোৱাৰ পাচতে উচ্ছেদিত লোকসকল উত্তেজিত হৈ পৰে । সমগ্ৰ ঘটনাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Tense situation in eviction site)। অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰে ।

উল্লেখ্য যে, লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান সন্দৰ্ভত যোৱা ২৫ জানুৱাৰীত প্ৰশাসনে লোকসকলক অন্তিমখন জাননী জাৰি কৰিছিল । বেদখলকাৰীসকলক সেই স্থান ত্যাগ কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছিল । একাংশ লোকে ঘৰ-দুৱাৰ ভাঙি সেই স্থানৰ পৰা আঁতৰি যায় যদিও বহু লোক এতিয়াও আছে । যাৰ ফলস্বৰূপে প্ৰশাসনে বিগত দুটা দিনৰ প্ৰথমটো দিনত ৬৬২ হেক্টৰ ভূমি বেদখলমুক্ত কৰে আৰু দ্বিতীয় দিনা প্ৰায় ৫৩০ হেক্টৰ ভূমি বেদখলমুক্ত কৰে ।

লগতে পঢ়ক :Bura Chapori Eviction: বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি তৃতীয়টো দিন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.