অসম

assam

Husband killed wife: পত্নীক হত্যা কৰি পুতি থ’লে চোতালত; হত্যাকাৰী স্বামীৰ আত্মসমৰ্পণ

By

Published : Mar 13, 2023, 10:20 PM IST

Nagaon sensational murder

এটা হত্যাকাণ্ডক লৈ নগাঁৱত সৃষ্টি হৈছে চাঞ্চল্যৰ । নিজ পত্নীক হত্যা কৰি মাটিত পুতি থৈছিল স্বামীয়ে । আৰক্ষী থানাত আত্মসমৰ্পণ কৰি কেমেৰাৰ সন্মুখত গাৰ নোম শিয়ঁৰি উঠা বৰ্ণনা স্বামী নাৰায়ণ দাসৰ । ফাকুৱাৰ নিশাই পত্নীক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰ হত্যাকাৰী স্বামীৰ (Brutal murder in Nagaon) ।

হত্যাকাৰী স্বামীৰ আত্মসমৰ্পণ

নগাঁও, 13 মাৰ্চ:বন্দনা কলিতাই সংঘটিত কৰা দুটাকৈ লোমহৰ্ষক ঘটনা, বিশ্বজিৎ হাজৰিকাৰ হত্যাকাণ্ড, গহপুৰৰ শিশু হত্যাকাণ্ডক হয়তো কোনেও পাহৰিব পৰা নাই ৷ শেহতীয়াকৈ ৰাজ্যত হত্যাৰ ঘটনা ব্যাপক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ তেনে এক জঘন্য় হত্যাকাণ্ড সংঘটিত হৈছে নগাঁও জিলাত ৷ স্বামীয়ে হত্যা কৰি পুতি থ’লে পত্নীৰ মৃতদেহ (Murder cases increase in Assam) ৷

আৰক্ষী থানাত আত্মসমৰ্পণ কৰিবলৈ আহিল এটা হত্য়াকাৰী ৷ আৰক্ষীক জনালে কিদৰে নিজ পত্নীক অতি নৃশংসভাৱে হত্যা কৰি পুতি থ’লে মৃতদেহ ৷ কিদৰে হত্যা কৰা হৈছিল পত্নীক, তাৰ চাঞ্চল্যকৰ বৰ্ণনা হত্যাকাৰীৰ মুখত ৷ হত্যাকাৰী স্বামীৰ নাম নাৰায়ণ দাস ৷ নগাঁও চহৰৰ ডিমৰুগুৰি কেঁচাআলিৰ বাসিন্দা নাৰায়ণ দাস পেছাত এজন ই-ৰিক্সা চালক ৷ হোলীৰ দিনাই নিজৰ পত্নীৰ তেজেৰে হাত ৰাঙলী কৰিলে নাৰায়ণে (Brutal murder in Nagaon) ৷

জানিব পৰা মতে, নাৰায়ণ দাসৰ পাৰিবাৰিক জীৱন বৰ সুখৰ নাছিল । পত্নী মমী দাসৰ সৈতে প্ৰায়েই সংঘাত হৈছিল ই-ৰিক্সাৰ চালক নাৰায়ণ দাসৰ । যাৰ পৰিণতিতেই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে এইজন নাৰায়ণ দাসে । সেইদিনা সকলো ফাকুৱাৰ আনন্দ-উল্লাহত মত্ত হৈ আছিল । ফাকুৱাৰ নিশাই নাৰায়ণ দাসে নিজ পত্নী মমী দাসক হত্যা কৰিছিল অতি নিৰ্মমভাৱে (Husband brutally killed wife) ।

লগতে পঢ়ক:Brutal Murder in Silchar: শিলচৰত দিন দুপৰতে 9 বছৰীয়া শিশুক ডিঙি কাটি হত্যা

বুকুত আক্ৰমণ কৰি পত্নী মমী দাসক হত্যা কৰি মৃতদেহ পুতি থৈছিল ঘৰৰ চৌহদত । ফাকুৱাৰ নিশা প্ৰায় 11.30 মান বজাত পত্নী মমী দাসক হত্যা কৰি 1.30 মান বজাত ঘৰৰ চোতালত গাঁত খান্দি পুতি থৈছিল স্বামী নাৰায়ণ দাসে । দেওবাৰে নিশা আৰক্ষী থানাত আত্মসমৰ্পণ কৰি কেমেৰাৰ সন্মুখত পত্নী হত্যাৰ এই ভয়ংকৰ বৰ্ণনা দিলে স্বামী নাৰায়ণ দাসে (Murder accused surrendered in Nagaon)।

শনিবাৰে সন্ধিয়া ডিমৰুগুৰিৰ কেঁচাআলিৰ ঘৰৰ চৌহদৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল মমী দাসৰ মৃতদেহ । কিন্তু মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ৰ পৰাই পলাতক হৈ আছিল স্বামী নাৰায়ণ দাস । যাৰ বাবেই স্বামীৰ বিৰুদ্ধে প্ৰথম অৱস্থাৰ পৰাই পত্নীক হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় লোকে । মমী দাসৰ হত্যাকাণ্ড পোহৰলৈ অহাৰ পিচতে পলাতক হত্যাকাৰী স্বামী নাৰায়ণ দাসে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত (Nagaon murder news) ৷

লগতে পঢ়ক:Murder Case In Nagaon: পত্নীক হত্যা কৰি স্বামীয়ে পুতি থোৱাৰ অভিযোগ

দেওবাৰে নিশা নগাঁৱৰ ইটাচালী আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী নাৰায়ণ দাসে । স্বামী-স্ত্ৰীৰ মাজত ফাকুৱাৰ দিনা হোৱা কাজিয়াৰ পাচতেই সুৰাসক্ত স্বামী নাৰায়ণ দাসে পত্নীৰ বুকুত প্ৰচণ্ড জোৰেৰে আক্ৰমণ কৰি হত্যা কৰিছিল মমী দাসক । তাৰ পাচতেই মৃতদেহ পুতি থৈ পলায়ন কৰিছিল নাৰায়ণে ৷ অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নাৰায়ণক বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে (Drunk husband killed wife) ৷

ABOUT THE AUTHOR

...view details