অসম

assam

State BJP Executive : লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ লক্ষ্যৰে মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

By

Published : Jan 24, 2023, 1:44 PM IST

Updated : Jan 24, 2023, 2:23 PM IST

BJP

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উৎসৱমুখৰ পৰিৱেশৰ মাজত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা (Assam BJP executive in Morigaon) । উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী ।

মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

মৰিগাঁও, ২৪ জানুৱাৰী :জোঙাল বলহুৰ দেশত মঙলবাৰে অনুষ্ঠিত হৈছে শাসকীয় বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা (Assam BJP executive in Morigaon) । এই কাৰ্যনিৰ্বাহকত মূলত ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সন্দৰ্ভতে আলোচনা হ'ব । ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত (BJP national executive) লোৱা সিদ্ধান্তসমূহৰ বিষয়ত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰাৰ বিষয়ে সদৰী কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (BJP MP Pabitra Margherita) ।

একেদৰে আগন্তুক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভতো মঙলবাৰৰ মৰিগাঁও কাৰ্যনিৰ্বাহক সভাতেই আলোচনা কৰিব (Lok Sabha election 2024) । আনহাতে, নলবাৰীৰ বিধায়ক তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য কৰে (Jayanta Malla Baruah comments on congress AIUDF) । এতিয়া ৰাইজৰ আগত দুয়োটা দলৰ মাজত সু-সম্পৰ্ক নাই বুলি ক'লেও কংগ্ৰেছৰ ঔৰসতে এআইইউডিএফৰ জন্ম বুলি কটাক্ষ কৰে জয়ন্ত মল্লবৰুৱাই ।

লগতে আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে ১৪ খন আসনৰ ভিতৰত আটাইকেইখনতেই জয় নিশ্চিত বুলি ঘোষণা কৰি তেওঁ কয় যে ১২ খন আসনত বিজেপিৰ বিজয় হোৱাটো খাটাং । উল্লেখযোগ্য যে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিজেপিৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক । ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কাৰ্যনিৰ্বাহক সন্দৰ্ভত মন্তব্য কৰি কয় যে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ এই কাৰ্যনিৰ্বাহক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

কিয়নো মৰিগাঁও জিলা বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ মিলনস্থলী । এই মিলনস্থলীত শাসকীয় বিজেপি দলে সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভেটি মজবুত কৰিবলৈকে মৰিগাঁৱত এই কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে । একেদৰে পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে এই কাৰ্যনিৰ্বাহক সভাখনত আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পৰিকল্পনা যুগুত কৰা, দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব ।

আনহাতে, তেওঁ কয় যে বিজেপি দল আন ৰাজনৈতিক দলৰ লেখীয়া নহয় । ভাৰতীয় জনতা পাৰ্টীয়ে বিগত কোভিডকালত ৰাইজৰ মাজত থাকি সেৱা আগবঢ়াই যোৱা বুলিও তেওঁ সদম্ভে ঘোষণা কৰে । লগতে আন ৰাজনৈতিক দলৰ নেতাসকলে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত নিৰাপদ স্থানত অৱস্থান কৰা বুলি সদৰী কৰি বিজেপিৰ মূল মন্ত্ৰ সেৱাই সংগঠন বুলি উল্লেখ কৰে । উল্লেখ্য, মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত মঙলবাৰে পুৱা পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । ছশৰো অধিক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বিষয়ববীয়া তথা সদস্যই ইয়াত অংশগ্ৰহণ কৰিছে ।

মন কৰিবলগীয়া যে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মন্ত্ৰী-বিধায়ক, সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীসকলক গায়ন-বায়ন, বিহু, তিৱা, বড়ো আদি সাংস্কৃতিক দলে বিভিন্ন লোকগীত-নৃত্যৰে আদৰণি জনায় । ইফালে মন্ত্ৰী অজন্তা নেওগে পুৰণি বিজেপি আৰু ন-জেপিৰ মাজত কোনোধৰণৰ সংঘাত নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক :Run up event in Guwahati: ৰাজ্যৰ বহুকেইটা স্থানত স্থাপন হ’ব বাঁহৰ উদ্যান

Last Updated :Jan 24, 2023, 2:23 PM IST

ABOUT THE AUTHOR

...view details