Run up event in Guwahati: ৰাজ্যৰ বহুকেইটা স্থানত স্থাপন হ’ব বাঁহৰ উদ্যান

author img

By

Published : Jan 24, 2023, 7:20 AM IST

india energy week 2023 in Bengaluru

৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বেংগালুৰুত অনুষ্ঠিত হ'ব ইণ্ডিয়া এনাৰ্জী ৱিক ২০২৩ (India energy week 2023) ৷ ইয়াৰ অংশ হিচাপে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় এক ৰান আপ অনুষ্ঠান (Run up event in Guwahati ahead of India Energy Week) ৷

গুৱাহাটী, 24 জানুৱাৰী : বেংগালুৰুত অহা ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া এনাৰ্জী ৱিক ২০২৩ (আই ই ডব্লিউ ২০২৩) ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সোমবাৰে গুৱাহাটীত এক ৰান আপ অনুষ্ঠান অনুষ্ঠিত হয় (Run up event in Guwahati ahead of India Energy Week)। অনুষ্ঠানটোত অধ্যক্ষতা কৰে ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (MP Rameswar Teli)। হোটেল বিভাণ্টাত অনুষ্ঠিত আইইডব্লিউৰ অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈয়েই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ মাজমজিয়াত থকা নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ৰ কৰ্পোৰেট অফিচ বিল্ডিং উদ্বোধন কৰে (Numaligarh Refinery Limited)।

india energy week 2023 in Bengaluru
গুৱাহাটীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী

অনুষ্ঠানত এন আৰ এল আৰু ৰাজ্য চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ হয় (MOU signed between NRL and the state government)। এই বুজাবুজি চুক্তি অনুসৰি ৩ খন বাঁহ উদ্যান স্থাপন কৰা হ'ব, প্ৰতিখন উদ্যানে ৫ হেক্টৰকৈ ভূমি আগুৰি ল'ব । টিছু কালচাৰ কৰা বাঁহৰ গছপুলিৰ গৌণ কঠিনকৰণ আৰু বৃহৎ প্ৰসাৰণ পদ্ধতি ব্যৱহাৰ কৰা হ'ব এই তিনিওখন উদ্যানত । অসমৰ গোলাঘাট, নগাঁও, আৰু শোণিতপুৰ জিলাত স্থাপন কৰা হ'ব এই নাৰ্চাৰী তিনিখন (Union Minister of Petroleum Natural Gas)।

india energy week 2023 in Bengaluru
গুৱাহাটীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী

বাঁহ খেতিৰ ফলত সমাজৰ ভালেমান উপকাৰ সাধন হয় আৰু সেয়েহে ইয়াক "সেউজীয়া সোণ” বুলি অভিহিত কৰা হয় । বৃদ্ধিৰ সময়ত বাঁহে বতাহৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি বতাহত অক্সিজেন এৰি দিয়ে । যিহেতু বাঁহ অতি দ্রুতগতিত বৃদ্ধি পায়, সেয়েহে ই কার্বন ছিঙ্ক সৃষ্টিৰ এক উৎকৃষ্ট উপায় । এক হেক্টৰ বাঁহৰ বাগিচাই বছৰি বতাহৰ পৰা ১৭ টন কার্বন-ডাই-অক্সাইড শোষণ কৰিব পাৰে (Union Petroleum Minister Hardeep Singh Puri in Guwahati)।

india energy week 2023 in Bengaluru
গুৱাহাটীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী

তিনিখন বাঁহৰ নাৰ্চাৰীয়ে ১৫ হাজাৰ হেক্টৰ মাটিত ৰোপণ কৰিব পৰা গছপুলি উৎপন্ন কৰিব, এইদৰে কাৰ্বন ছিঙ্কৰ সৃষ্টি হ'ব যিয়ে বতাহৰ পৰা প্ৰতিবছৰে ২.৬ লাখ টন কার্বন-ডাই-অক্সাইড শোষণ কৰিব । ইয়াৰ পিছতেই উপস্থিত মন্ত্রীসকলে এন আৰ এলৰ উদ্যোগত আৰম্ভ হোৱা হাইপাৰ-লোকেল লজিষ্টিক ষ্টার্ট-আপ BIKOZEE ৰ দ্বাৰা বৈদ্যুতিক স্কুটাৰৰ এটা ৰেলীৰ ফ্লেগ-অফ কৰে । এই ষ্টাৰ্ট-আপৰ লক্ষ্য হৈছে অৰ্থনৈতিকভাৱে দুৰ্বল সমুদায়বোৰক হাইপাৰলোকেল ডেলিভাৰী খণ্ডত সংস্থাপনৰ সুযোগেৰে সৱলীকৰণ কৰা ।

পৰিৱেশ অনুকূল উদ্যোগ হিচাপে BIKOZEE য়ে জলবায়ু পৰিৱৰ্তন, অপৰিকল্পিত নগৰায়ন, আৰু প্ৰদূষণৰ হাৰ বৃদ্ধিৰ দৰে কাৰকৰ বিৰুদ্ধে যুঁজিবলৈ বৈদ্যুতিক গতিশীলতাৰ বিকল্প গ্ৰহণ কৰিছে । ইয়াৰ লক্ষ্য হৈছে কেৱল নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি কাৰ্বন নির্গমনমুক্ত পৃথিৱী । এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম বায়'-ৰিফাইনেৰীলৈ বহনক্ষম ভিত্তিত বাঁহ যোগান ধৰিব পৰা একাংশ কৃষকৰ সৈতেও মত বিনিময় কৰে ।

উল্লেখ্য যে, এই অসম বায়'-ৰিফাইনেৰী হৈছে নুমলীগড় শোধনাগাৰ লিমিটেডে ৰূপায়ণ কৰা বাঁহৰ জৈৱবস্তুক (Biomass) ফিডষ্টক হিচাপে ব্যৱহাৰ কৰিব পৰা প্ৰথমটো ২জি বায়’ ৰিফাইনেৰী । সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে "প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূর্বাঞ্চলক উচ্চ বিকশিত এলেকাত স্থান দিয়াৰ বাবে অঞ্চলটোৰ শক্তি খণ্ডক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে ।” লগতে এই খণ্ডৰ আন কেইবাটাও বৃহৎ প্রকল্পও পৰিকল্পনাভুক্ত হৈ আছে বুলিও অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ইফালে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে চৰকাৰে উত্তৰ-পূৱত বাঁহ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে, কাৰণ অঞ্চলটোত প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা আছে । এন আৰ এল আৰু অসমৰ বন বিভাগৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ সন্দৰ্ভত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাট, নগাঁও, আৰু শোণিতপুৰত ৩ খন বাঁহৰ উদ্যান স্থাপন কৰা হ'ব ।

লগতে পঢ়ক : Mamata Targets Modi On Netaji Birthday: প্ৰধানমন্ত্ৰী মোদীৰ কাম কাজে বাৰুকৈয়ে অসন্তুষ্ট কৰিছে মমতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.