ETV Bharat / state

ৰঙিয়াত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা লাকী মাল্টিপাৰপাছ কোঃ অপাৰেটিভ ছ'চাইটি লিমিটেডৰ - Feliciation Progrmme in Rangia

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 4:40 PM IST

Feliciation progrmme by Lucky Multipurpose Co-operative Society Ltd hslc passed in Rangia
ৰঙিয়াত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

Feliciation Progrmme in Rangia: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰঙিয়াৰ উদিয়ানা কেইবাগৰাকীও শিক্ষাৰ্থীক জ্ঞাপন কৰা হয় সম্বৰ্ধনা । প্ৰায় ৫০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই উদিয়ানা লাকী মাল্টিপাৰপাছ কোঃ অপাৰেটিভ ছ'চাইটি লিমিটেডে ।

ৰঙিয়া, ৩০ এপ্ৰিল: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰে ৰঙিয়াৰ বহু শিক্ষাৰ্থীয়ে । মঙলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক জ্ঞাপন কৰা হয় অভিনন্দন । ৰঙিয়াৰ উদিয়ানা লাকী মাল্টিপাৰপাছ কোঃ অপাৰেটিভ ছ'চাইটি লিমিটেডৰ উদ্যোগত সম্বৰ্ধনা জনাই কৃতি ছাত্র-ছাত্ৰীসকলক । ৰঙিয়াৰ উদিয়ানা গাঁৱৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত ।

উক্ত অনুষ্ঠানটোৰ আঁত ধৰে নইমুল হকে । অনুষ্ঠানটোত মুহাম্মাদ গুলফাম, বিষয় শিক্ষক সুমন আহমেদ, জিয়াউল হক, চাহাবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অঞ্চলটোৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা, জাপি আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰদান কৰা হয় একোটাকৈ কলম ।

ৰঙিয়াত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭৩% ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪% ৷ ইতিমধ্যেই ঘোষণা কৰা হৈছে প্ৰথম পাঁচগৰাকী সৰ্বাধিক নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীৰ নাম ৷

২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী শিক্ষাৰ্থী ৷ তাৰে ৩ লাখ ১৭ হাজাৰ ৭১৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ বিগত বৰ্ষৰ গতানুগতিক ধাৰা পৰিহাৰ কৰি 2024 বৰ্ষৰ ফলাফলত ৰখা তিনি শীৰ্ষ স্থান প্ৰাপকক । ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চিৰাং জিলাই দ্বিতীয়বাৰলৈ শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ।

আনহাতে পূৰ্বৰ তুলনাত এইবাৰৰ মেট্ৰিক পৰীক্ষাটো যেন আছিল কিছু বিশেষ ৷ কিয়নো এইবেলি অনুষ্ঠিত হৈছে ছেবাৰ ইতিহাসৰ অন্তিমটো মেট্ৰিক পৰীক্ষা ৷ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাৰ্কশ্বীট খনেই হ’ব উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ৷

লগতে পঢ়ক: মেট্ৰিকৰ ফলাফল : 91.2 শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয়বাৰলৈ প্ৰথম স্থানত চিৰাং - Assam HSLC Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.