মেট্ৰিকৰ ফলাফল : 91.2 শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয়বাৰলৈ প্ৰথম স্থানত চিৰাং - Assam HSLC Result 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 6:00 PM IST

thumbnail

চিৰাং, 20 এপ্ৰিল : শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চিৰাং জিলাই দ্বিতীয়বাৰলৈ শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ বিগত সময়ছোৱাত ফলাফলৰ তালিকাত একেলেথাৰিয়ে কেবাবছৰ ধৰি ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন স্থানত থকা চিৰাং জিলাই 2023 বৰ্ষত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চমকপ্ৰদ প্ৰদৰ্শনেৰে শীর্ষ স্থান লাভ কৰিছিল ৷ ফলাফল ঘোষণাৰ পিচতে চিৰাঙৰ জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে এই সফলতাৰ বাবে বিদ্যালয়সমূহৰ সকলো শিক্ষক, প্ৰধান শিক্ষকক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰে ৷  

জিলা প্ৰশাসন, শিক্ষা বিভাগ, বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱককে ধৰি বৌদ্ধিক সমাজৰ ঐক্যবদ্ধ প্ৰচেষ্টা, সহায়-সহযোগিতা তথা শিক্ষার্থীসকলক উৎসাহিত কৰাৰ ফলত চিৰাং জিলাই দ্বিতীয়বাৰ বাবে শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ সৰ্বমুঠ 6,249 গৰাকী শিক্ষার্থীয়ে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে 2,131 গৰাকী প্ৰথম বিভাগত, 3,027 গৰাকী দ্বিতীয় বিভাগত আৰু 547 গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীর্ণ হয় ৷ জিলাখনে 91.2 শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰত শীর্ষস্থান দখল কৰি দ্বিতীয়বাৰৰ বাবে খিতাপ অব্যাহত ৰাখে ৷ জিলাখনৰ এই ফলাফলক লৈ বৌদ্ধিক সমাজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ 

লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল : উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং, সৰ্বনিম্ন স্থানত ওদালগুৰি - Assam HSLC Result 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.