ETV Bharat / state

ONGC ৰ পাইপ ফুটি নিৰ্গত গেছ, আতংকিত সোণাৰিবাসী - ONGC GAS pipe EXPLOSION

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 5:08 PM IST

ONGC GAS pipe EXPLOSION CREATES PANIC AMONG PEOPLE at Disangpani
ONGC ৰ পাইপ ফুটি নিৰ্গত গেছ, আতংকিত সোণাৰিবাসী

ONGC GAS PIPE EXPLOSION : চৰাইদেউৰ দিচাংপানীত ONGC ৰ তৈল-গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হৈছে তেল, গেছ ৷ ফলত অঞ্চলটোত আতংকিত পৰিৱেশৰ উদ্ভৱ হৈছে ৷

ONGC ৰ পাইপ ফুটি নিৰ্গত গেছ, আতংকিত সোণাৰিবাসী

মৰাণ, 30 এপ্ৰিল : মঙলবাৰে পুৱা চৰাইদেউ জিলাৰ দিচাংপানী অ’ এন জি চি-ৰ বিএম 11 তেলখাদৰ পৰা লাকুৱা 8 নং জিজিএছ সংযোগী তেল-গেছ পৰিবাহী পাইপ ফুটি তীব্ৰ গতিত গেছ নিৰ্গত হৈছে । ফলত যিকোনো মূহুৰ্তত সেই ঠাইত অগ্নিকাণ্ড হোৱাৰ আশংকা কৰা হৈছে ।

দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলঙৰ খুঁটাৰ অংশ মাটিত খহি যোৱা বাবে কাষতে থকা গেছ পৰিবাহী পাইপডালত ফাঁট মেলে বুলি অনুমান কৰা হৈছে । গেছ নিৰ্গত হোৱাৰ পাচতেই ইতিমধ্যে অ’ এন জি চি-ৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈছে যদিও গেছ ওলোৱা বন্ধ কৰিব পৰা নাই ।

ইফালে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অ’ এন জি চি-ৰ কৰ্মচাৰীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত কৰা হৈছে । এতিয়াও পাইপেৰে অহৰহ গেছ নিৰ্গত হৈ থকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । গেছ নিৰ্গত হোৱা পাইপডাল চেঙেলীমৰাৰ পৰা লাকুৱা জি জি এছ সংযোগী বুলি জানিব পৰা গৈছে ।

এই ঘটনাৰ পিচতে অ’ এন জি চি কৰ্তৃপক্ষই যুদ্ধকালীনভাৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে । গেছ নিৰ্গত বন্ধ হ'লেহে ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আশা কৰা হৈছে । অতি ব্যস্ততাপূৰ্ণ পথৰ কাষতে এনেদৰে গেছ পৰিবাহী পাইপ কৰ্তৃপক্ষই মেৰামতি নকৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

আনহাতে, এই তেল-গেছ নিৰ্গত হৈ পৰিছে দিচাং নৈত । ফলত নৈখনত থকা কণীযুক্ত মাছৰ লগতে অন্য জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে । অৱশ্যে এই ঘটনা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও বহু ঠাইত এনেদৰে গেছ পৰিবাহী পাইপ ফুটি কৰ্তৃপক্ষৰ হেমাহি উদঙাই দিছিল ৷

লগতে পঢ়ক: JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.