ETV Bharat / state

JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

গুৱাহাটীৰ খাৰঘূলি আৰু মালিগাঁৱৰ পিচতে এইবাৰ উত্তৰ গুৱাহাটীৰ শিলসাঁকোত জাইকাৰ পানীৰ পাইপ ফাটিছে (Water Price Burst at Silshako) ৷ পানীৰ পাইপ ফাটি যোৱাৰ ফলত জলমগ্ন হয় কেইবাটাও পৰিয়ালৰ বাসগৃহ (JICA water pipe blast )৷

JICA water pipe blast at Silshako
পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ
author img

By

Published : Jun 5, 2023, 7:11 PM IST

পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

গুৱাহাটী, 5 জুন: জাইকাৰ পাইপে ত্ৰাসৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত ৷ চলিত বৰ্ষৰ দুটা মাহৰ ভিতৰতেই মহানগৰীৰ তিনিটা স্থানত জাইকাৰ পানীৰ পাইপ ফাটি ভয়ংকৰ ঘটনা সংঘটিত কৰিছে ৷ গুৱাহাটীৰ খাৰঘূলি আৰু মালিগাঁৱৰ পিচতে এইবাৰ উত্তৰ গুৱাহাটীৰ শিলসাঁকোত জাইকাৰ পানীৰ পাইপ ফাটিছে (Water Price Burst at Silshako) ৷

সোমবাৰে উত্তৰ গুৱাহাটীৰ শিলসাঁকোত জাইকাৰ পানীৰ পাইপ ফাটি যোৱাৰ ফলত জলমগ্ন হয় কেইবাটাও পৰিয়ালৰ বাসগৃহ (JICA water pipe blast )৷ লোকসকলৰ ঘৰৰ ভিতৰত হোৰাহোৰে পানী সোমাই । পানীত ডুব যায় পৰিয়ালসমূহৰ ঘৰৰ সামগ্ৰীৰ লগতে মূল্যবান আচবাবসমূহ । ইফালে পানীৰ সোঁতে পথত বৃহৎ গাঁতৰ সৃষ্টি কৰে ৷ গৃহস্থৰ শোৱনি কোঠা , চৰাঘৰ, পাকঘৰ সকলো পানীৰে একাকাৰ হৈ পৰিছে । লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

ততাতৈয়াকৈ স্থানীয় ৰাইজে জাইকাৰ কৰ্মচাৰীক এই খবৰ দিয়াৰ পিচতে তত হেৰাই জাইকৰ বিষয়া কৰ্মচাৰীৰ। জাইকাৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক ধিক্কাৰ দিছে অঞ্চলবাসীয়ে। আনহাতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে, যোৱা 25 মে’ত গুৱাহাটীৰ খাৰঘূলিৰ জয়পুৰ অঞ্চলত জলবিস্ফোৰণ (Water pipe explosion at Kharghuli)ৰ ঘটনা সংঘটিত হয় ৷ জাইকাৰ নিৰ্মীয়মান পানীযোগান আঁচনিৰ পাইপ ফুটি প্ৰায় 500 মিটাৰ পৰ্যন্ত উচ্চতালৈ উঠে পানীৰ ফোঁৱাৰা ৷ এই জলবিস্ফোৰণত আঘাতপ্ৰাপ্ত হোৱা এগৰাকী মহিলা সুমিত্ৰা ৰাভাক হাস্পতাললৈ নিয়াৰ পিচতে মৃত্যুমুখত পৰিছিল মহিলাগৰাকী (Woman died after water pipe burst) ৷

লগতে পঢ়ক: Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ইয়াৰ পিচতে শেহতীয়াকৈ মহানগৰীৰ মালিগাঁৱত পানীৰ পাইপ ফাটে (Water Price Burst in Maligaon)। ফলস্বৰূপে জালুকবাৰী থানাৰ সমীপত তথা নিৰ্মীয়মান উৰণ সেঁতুৰ তলৰ অংশ জলমগ্ন হোৱাৰ ফলত বহু সময় ধৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয়। খাৰঘূলি আৰু মালিগাঁৱৰ ঘটনাৰ পাচতেই আজিৰ শিলসাঁকোৰ ঘটনাই উদঙাইছে কৰ্তৃপক্ষৰ ফোপোলা স্বৰূপ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.