Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

By

Published : May 25, 2023, 7:12 PM IST

thumbnail

গুৱাহাটী, 25 মে’: গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰ অঞ্চলত জলবিস্ফোৰণ (Water pipe explosion at Kharghuli) ৷ বৃহস্পতিবাৰে জাইকাৰ নিৰ্মীয়মান পানীযোগান আঁচনিৰ পাইপ ফুটি প্ৰায় 500 মিটাৰ পৰ্যন্ত উচ্চতালৈ উঠে পানীৰ ফোঁৱাৰা ৷ ইয়াৰ পিচতে সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই জলবিস্ফোৰণত আঘাতপ্ৰাপ্ত হোৱা এগৰাকী মহিলাক হাস্পতাললৈ নিয়াৰ পিচতে মৃত্যুৰ মুখত পৰে ৷ মৃত মহিলাগৰাকী সুমিত্ৰা ৰাভা বুলি জানিব পৰা গৈছে (Woman died after water pipe burst) ৷ 

ইফালে এই জলবিস্ফোৰণৰ ফলত এতিয়ালৈকে 19 গৰাকী লোক আহত হৈছে (5 Injured at Kharghuli)৷ আহতসকল সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে । এই ভয়ংকৰ জলস্ৰোতত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল ৷ জলস্ৰোতে উটুৱাই লৈ যায় কেইবাখনো গাড়ী, মটৰ চাইকেল ৷ লগতে কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে এই আকস্মিক প্ৰলয়ৰ ফলত । আহতকেইজনৰ ভিতৰত ৰাজীৱ দাস, দীপা দাস, নিৰ্মল দাস, মৃদুলা হালৈ আৰু দৈৱকী হালৈৰ নাম জানিব পৰা গৈছে (Bursting pipes of JICA water supply project)৷

উল্লেখ্য যে, 2012-13 বৰ্ষতে জাইকাৰ আৰ্থিক সমৰ্থিত প্ৰকল্পৰ অধীনত গেমন নিৰ্মাণকাৰী সংস্থাই এই পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছিল ৷ 2016 চনত এই দক্ষিণ কেন্দ্ৰীয় পানী যোগান প্ৰকল্পৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও নিৰ্মাণকাৰী সংস্থাৰ বেমেজালিৰ বাবে প্ৰকল্পটো হৈ নুঠিল ৷ 

লগতে পঢ়ক: 2024 Lok Sabha Election : ২০২৪ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বিজেপিয়ে গঠন কৰিব চৰকাৰ; ভৱেশ কলিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.