2024 Lok Sabha Election : ২০২৪ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে বিজেপিয়ে গঠন কৰিব চৰকাৰ; ভৱেশ কলিতা

By

Published : May 25, 2023, 3:08 PM IST

thumbnail

ৰঙিয়া, ২৫ মে' : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত সক্ৰিয় হৈ পৰিছে শাসনাধিষ্ঠিত বিজেপি দল (BJP preparation for 2024 lok sabha election) । ইতিমধ্যে বিজেপিয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিজেপি চৰকাৰৰ সফলতাৰ গুণ-গান গাবলৈ দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতাসকলক নিৰ্দেশনা প্ৰদান কৰিছে ।

প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়ৰ নেতালৈকে অহা বছৰ অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি নামি পৰিছে প্ৰচাৰ কাৰ্যত । সমান্তৰালকৈ অসমতো আৰম্ভ হৈছে নিৰ্বাচনী ৰণনীতিৰ কুছকাৱাজ । তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীত (Bhabesh Kalita on 2024 lok sabha election) ।

ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতিৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আগন্তুক নিৰ্বাচন সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য (Assam BJP president Bhabesh Kalita), কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰৰ দিনত উন্নয়নৰ লহৰ বৈছে ‌। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰতবৰ্ষৰ স্বাভিমান বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে (PM Narendra Modi) । বিদেশত নৰেন্দ্ৰ মোডীয়ে সন্মান পাইছে । উচ্চ প্ৰশংসিত হৈছে । তেনেস্থলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৰাস্ত কৰিব পৰা নেতা ভাৰতবৰ্ষত আন কোনো নাই ।

আনহাতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বতে কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত বুথৰ পৰা মণ্ডল-জিলা পৰ্যায়লৈকে দলীয় ভেটি সুদৃঢ় কৰাত দলটো অগ্ৰসৰ হৈছে বুলিও দোহাৰে ভৱেশ কলিতাই ।

লগতে পঢ়ক :SI Junmoni Rabha Death case: জোনমণিৰ মৃত্যুৰ সৈতে বিজেপিৰ নেতা জড়িত থকাৰ সন্দেহ ভূপেন বৰাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.