SI Junmoni Rabha Death case: জোনমণিৰ মৃত্যুৰ সৈতে বিজেপিৰ নেতা জড়িত থকাৰ সন্দেহ ভূপেন বৰাৰ

By

Published : May 25, 2023, 12:54 PM IST

thumbnail

তেজপুৰ, ২৫ মে': এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে যদিও আশ্বস্ত নহয় প্ৰদেশ কংগ্ৰেছ (Bhupen Borah reaction on SI Junmoni Rabha Death) ৷ এই সন্দৰ্ভত বুধবাৰে নিশা প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Borah) ৷ তেওঁ মুখ্যমন্ত্ৰীয়ে প্ৰথমতে বিষয়টো উপেক্ষা কৰাৰ চেষ্টা কৰিছিল যদিও ৰাইজৰ কন্ঠস্তৰ শক্তিশালী হোৱাত মুখ্যমন্ত্ৰীয়ে সেও মানি ইয়াৰ চিবিআই তদন্ত ঘোষণা কৰিবলৈ বাধ্য হ’ল বুলি সদৰী কৰে (CBI probe Junmoni Rabha Death Case)৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই অসমৰ ৰাইজ তথা জোনমণিৰ মাতৃয়ে সন্দেহ কৰা ইমান কেইজন লোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আঢ়ৈ টকীয়া প্ৰীতি কিয় তথা ইয়াৰ গোপন কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰে (SI Junmoni Rabha Death) ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্লিপ্ততাৰ আঁৰত তেওঁ এই ঘটনাৰ লগত বিজেপিৰ কোনো শীৰ্ষ ৰাজনৈতিক নেতা তথা শীৰ্ষ আৰক্ষী বিষয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ৷ যাৰ বাবে কেঁচু খান্দিলে সাপ ওলোৱাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে শাস্তি বিহাৰ পৰা আঁতৰি থাকি এইসকল লোকৰ প্ৰতি আঢ়ৈ টকীয়া প্ৰীতি দেখুৱাৰ দাবী কৰে বৰাই  ৷

তেওঁ লগতে এতিয়া চিবিআই বা ইডি এতিয়া বিজেপিৰ ভাতৃ সংগঠনৰ নিচিনা বুলি উল্লেখ কৰে ৷ যাৰবাবে কংগ্ৰেছে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰিছে বুলি বৰাই জানিবলৈ দিয়ে (Junmoni Rabha case investigation) ৷ ইফালে আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমত উপস্থিত হ’ব লগা অমিত শ্বাহক অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ’ব সেয়া স্পষ্ট কৰিবলৈ দাবী জনায় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ তেওঁ লগতে ৰাজ্য চৰকাৰে ২৫ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া ৭০ হেজাৰ পদত হে নিযুক্তি দিয়ে বুলি সদৰী কৰি বাকী পদসমূহত নিযুক্তি দিয়া হ’ব নে ইয়াতেই শেষ হ’ব বুলি প্ৰশ্ন কৰে ৷

চৰকাৰে নতুন পদ সৃষ্টি কৰিব পৰা নাই, কেৱল খালী পদ সমূহহে পূৰণ কৰিছে বুলি কয় বৰাই ৷ ইফালে বদৰুদ্দিন আজমল প্ৰাতঃস্মৰণীয় ব্যক্তি নহয় বুলি মন্তব্য কৰি বিজেপিয়ে আজমলৰ ওচৰত আঠু লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰিছে বুলি কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক: Amit Shaha Assam Visit : বৃহস্পতিবাৰে অসমলৈ আহিব অমিত শ্বাহ; গুৱাহাটীত জাৰি বিশেষ নিৰ্দেশনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.