ETV Bharat / state

ৰীতম সিঙক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ - Amit Shah Fake Video Case

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 4:29 PM IST

Etv BharatAmit Shah Fake Video Case
ৰীতম সিঙক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ

Amit Shah Fake Video Case : অসম আৰক্ষীয়ে গুৱাহাটীত ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভুৱা ভিডিঅ'ৰ সন্দৰ্ভত ৰীতম সিঙক গ্ৰেপ্তাৰৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ দেৱব্ৰত শইকীয়াৰ ৷

গুৱাহাটী, ৩০ এপ্ৰিল: সোমবাৰে অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভুৱা ভিডিঅ'ৰ সন্দৰ্ভত গুৱাহাটীৰ পৰা ৰীতম সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ ভিডিঅ’টোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি শাসনলৈ আহিলে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) বাবে সংৰক্ষণ বাতিল কৰাৰ বিষয়ে ভুৱা মন্তব্য কৰা দেখা গৈছিল ৷

ধৃত ৰীতম সিং অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱাৰ ৰুমত কাম কৰা এগৰাকী কৰ্মী লগতে এগৰাকী অধিবক্তা ৷ এতিয়া ৰীতম সিঙক গ্ৰেপ্তাৰৰ পিচতেই মঙলবাৰে অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিজেপিৰ আৰক্ষী প্ৰশাসনে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি দেৱব্ৰত শইকীয়াই অভিযোগ কৰি কয় যে, দেশখনত মানুহৰ বাক স্বাধীনতা বিজেপি দলে হৰণ কৰিছে । সিঙে পৰৱৰ্তী সময়ত নিজে ভুল কৰা বুলি পোষ্টটো X ৰ পৰা আঁতৰ কৰি ভুল‌ স্বীকাৰ কৰিছিল ।‌ তাৰ পিচতো আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

লগতে দেৱব্ৰত শইকীয়াই কয় যে, ইয়াৰ পূৰ্বেও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই ছোনিয়া‌ গান্ধী, ৰাহুল গান্ধীৰ বিৰুদ্ধে বহুত বে-আইনী মন্তব্য কৰিছিল । বদৰুদ্দিন আজমলেও সাম্প্ৰদায়িক মন্তব্য কৰিছিল । এই সন্দৰ্ভত কংগ্ৰেছৰ পৰা গোচৰ দিয়া হৈছিল ।‌ কিন্তু বিজেপিৰ আৰক্ষী প্ৰশাসনে শৰ্মা আৰু আজমলক ৰক্ষণাবেক্ষণ দিছে । আইন‌ সকলোৰে বাবে একে হোৱা উচিত । বিজেপিয়ে দেশৰ সংবিধান নামানে ।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওপৰত এটা বিকৃত আৰু অনুপ্ৰেৰিত টুইট সিঙে প্ৰচাৰ সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি সিঙক গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে আদালতে সিঙক জেললৈ প্ৰেৰণ কৰিছে ।

এই সংবাদমেলত উপস্থিত থকা কংগ্ৰেছৰ ৱাৰ ৰুমৰ অধ্যক্ষ মেহদি আলম বৰা আৰু উপাধ্যক্ষ সঞ্জু বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰীতম সিঙক গ্ৰেপ্তাৰ কৰা ঘটনাক গণতন্ত্ৰৰ বিৰোধী বুলি আখ্যা দি গৰিহণা জনায় ।

লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ'ৰ গোচৰত গ্ৰেপ্তাৰ এজন - Amit Shah fake video case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.