ETV Bharat / state

অস্ত্ৰোপচাৰৰ নতুন শৈলী উদ্ভাৱন : ডাঃ ফৰিদুল হুছেইন দক্ষিণ আফ্ৰিকালৈ আমন্ত্ৰিত - New surgery innovation

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 5:13 PM IST

New surgery innovation
ইটিভি ভাৰত অসমৰ এক বিশেষ সাক্ষাৎকাৰ

New surgery innovation : অস্ত্ৰোপচাৰৰ এক নতুন পদ্ধতি উদ্ভাৱন কৰিলে নগাঁৱৰ এগৰাকী জ্যেষ্ঠ শৈল্য চিকিৎসকে । নিজা শৈলীৰে ৬০০ গৰাকী ৰোগীৰ অস্ত্ৰোপচাৰত সফলতা লাভ কৰাৰ পাচত ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰদৰ্শন কৰে এই শৈলী । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো এই চিকিৎসা পদ্ধতি প্ৰদৰ্শন কৰিছে চিকিৎসকগৰাকীয়ে ৷

ইটিভি ভাৰত অসমৰ এক বিশেষ সাক্ষাৎকাৰ

নগাঁও, ৩০ এপ্ৰিল: আমেৰিকা যুক্তৰাষ্ট্ৰত নিজা অস্ত্ৰোপচাৰ শৈলী প্ৰদৰ্শন কৰাৰ পাচত এতিয়া দক্ষিণ আফ্ৰিকালৈ আমন্ত্ৰণ লাভ কৰিছে ডাঃ ফৰিদুল হুছেইন । প্ৰথমে অসমৰ চিকিৎসা মহাবিদ্যালয় পাচত আমেৰিকা যুক্তৰাষ্ট্ৰত নিজা চিকিৎসা শৈলী প্ৰদৰ্শন কৰি এইবাৰ দক্ষিণ আফ্ৰিকালৈ আমন্ত্ৰণ লাভ কৰা চিকিৎসক হুছেইনৰ সৈতে ইটিভি ভাৰত অসমৰ এক বিশেষ সাক্ষাৎকাৰ ।

এইগৰাকী জ্যেষ্ঠ শৈল্য চিকিৎসকে শেহতীয়াকৈ নগাঁৱৰ লগতে অসমবাসীক কৰিলে গৌৰৱান্বিত । নগাঁৱৰ ডিউ কেয়াৰ হাস্পতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ শৈল্য চিকিৎসক ডাঃ ফৰিদুল হুছেইনে উদ্ভাৱন কৰিলে অস্ত্ৰোপচাৰৰ এক নতুন পদ্ধতি । এণ্ডো’স্ক’পি পদ্ধতিৰে আন অস্ত্ৰোপচাৰ কৰাৰ সময়ত পিত্তনলীত পাথৰ থকাৰ বিষয়ে গম পালে একে সময়তে পিত্তনলী নকটাকৈ লেজাৰৰ সহায়ত পাথৰ গুৰি কৰি উলিয়ায় দিব পৰা এক পদ্ধতি ব্যৱহাৰ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট চিকিৎসকগৰাকীয়ে ।

নিজা বুদ্ধিমত্তাৰে উদ্ভাৱন কৰা অস্ত্ৰোপচাৰৰ এই পদ্ধতিৰে ইতিমধ্যে ৬০০ গৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে ডাঃ হুছেইন । চিকিৎসকগৰাকীৰ এনে এক পদক্ষেপৰ বিষয়ে অৱগত হোৱাৰ পাচত নিজে অধ্যয়ন কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়তো এই অস্ত্ৰোপচাৰৰ শৈলীৰ বিষয়ে এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰি ডাঃ ফৰিদুল হুছেইনক আমন্ত্ৰণ কৰে ।

ৰাজ্যৰ দুখনকৈ চিকিৎসা মহাবিদ্যালয়ত প্ৰদৰ্শনৰ পাচত অস্ত্ৰোপচাৰৰ এই শৈলীৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা গৱেষণা পত্ৰ গ্ৰহণ কৰি আমেৰিকালৈ এই প্ৰদৰ্শনীৰ বাবে আমন্ত্ৰণ কৰে চিকিৎসক হুছেইনক । আমেৰিকাৰ অহিঅ' প্ৰদেশৰ ক্লেভলেণ্ডত ইতিমধ্যেই অনুষ্ঠিত হোৱা Society of American Gastrointestinal and Endoscopic Surgeons-24, চমুকৈ SAGES-24 ত ডাঃ ফৰিদুল হুছেইনে অংশগ্ৰহণ কৰি পিত্তনলীৰ বেমাৰৰ শল্য চিকিৎসাৰ বিশেষ পদ্ধতি প্ৰদৰ্শন কৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰত নিজে উদ্ভাৱন কৰা চিকিৎসা পদ্ধতি প্ৰদৰ্শন কৰি মাতৃভূমিলৈ উভতি অহাৰ পাছত এতিয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে ডাঃ ফৰিদুল হুছেইনক ।

লগতে পঢ়ক : ভোট জলকীয়াই হাঁহি বিৰিঙাইছে গনেশ কুলিৰ মুখত - Bhut Jolokia Cultivation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.