অসম

assam

মৈৰাবাৰী আৰক্ষীৰ জালত সাতটাকৈ চাইবাৰ অপৰাধী

By

Published : Sep 3, 2022, 11:49 AM IST

Updated : Sep 3, 2022, 1:11 PM IST

7-cyber-criminals-arrested-from-morigaon
মৈৰাবাৰী আৰক্ষীৰ জালত সাতটাকৈ চাইবাৰ অপৰাধী ()

মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই সাতটাকৈ চাইবাৰ অপৰাধীক আটক কৰে (7 Cyber criminals arrested from Morigaon) ৷ লগতে জব্দ কৰে বহু নথিপত্ৰ ৷

ধিং, 3 ছেপ্তেম্বৰ:মৈৰাবাৰী আৰক্ষীৰ জালত সাতটাকৈ চাইবাৰ অপৰাধী ৷ শুকুৰবাৰে মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰত প্ৰায় দুঘণ্টা সময় তালাচী চলাই অভিযান চলাই আটক এই বৃহৎ চাইবাৰ চক্ৰটোক আটক কৰে (7 Cyber criminals arrested from Morigaon) ৷ লগতে কিছুমান সন্দেহদজনক নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰে ৷

মৈৰাবাৰী আৰক্ষীৰ জালত সাতটাকৈ চাইবাৰ অপৰাধী

ইয়াৰ লগতে আটকাধীন চাইবাৰ অপৰাধী চক্ৰটোৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে ১১ টা মোবাইল ফোন,৭২০ টা চিম কাৰ্ড, আৰু ৬ টা বেলেগ বেলেগ বেংকৰ পাছবুক, পেন কাৰ্ড, আধাৰ কাৰ্ড, নগদ ২০,০০০ হাজাৰ টকা জব্দ কৰে ৷ তাৰোপৰি এই অপৰাধত ব্যৱহৃত 4খন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষীয়ে ৷

আটকাধীন অপৰাধীকেইটা অলি উল্লাহ ওৰফে মামুন, মুষ্টাক আহমেদ, আৰিফুল ইছলাম, উমৰ ফাৰুক,দিলদাৰ হুছেইন, ফৰিদুল ইছলাম আৰু ফাৰিদুল বুলি আৰক্ষীয়ে জনায় ৷ ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:অৰুণাচলৰ পৰ্বতাৰোহী তাপী মিৰাৰ সন্ধানত সেনাৰ অভিযান

Last Updated :Sep 3, 2022, 1:11 PM IST

ABOUT THE AUTHOR

...view details