ETV Bharat / state

কোনোধৰণৰ যোগসূত্ৰ নাই: কানুবাৰীত আটকাধীন তিনি লিংকমেন সন্দৰ্ভত আলফা (স্বাঃ)ৰ স্পষ্টীকৰণ - ULFA I Linkman Detained

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:41 PM IST

আটকাধীন আলফা (স্বা)ৰ তিনি লিংকমেন সন্দৰ্ভত আলফা (স্বা)ৰ প্ৰতিক্ৰিয়া ৷ এই তিনিজন লোক আলফা (স্বা)ৰ লিংকমেন নহয় বুলি স্পষ্টীকৰণ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

নিউজ ডেস্ক, 5 মে’ : কানুবাৰীত আটকাধীন আলফা (স্বাঃ)ৰ তিনি লিংকমেন সন্দৰ্ভত আলফা (স্বাঃ)ৰ প্ৰতিক্ৰিয়া ৷ আটকাধীন তিনিজন লোক আলফা (স্বাঃ)ৰ লিংকমেন নহয় বুলি স্পষ্টীকৰণ প্ৰকাশ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে আলফা (স্বাঃ)এ ৷

বিবৃতিটোত সংগঠনটোৱে বিগত 3 মে’ত চৰাইদেউ জিলাৰ কানুবাৰীত অসম ৰাইফলছে আটক কৰা তিনিগৰাকী লোক আলফা (স্বাঃ)ৰ সহযোগকাৰী নহয় আৰু সংগঠনটোৰ সৈতে তেওঁলোকৰ কোনো যোগসূত্ৰ নাই বুলি উল্লেখ কৰিছে ৷

বিবৃতিত সংগঠনটোৱে উল্লেখ কৰিছে, "যোৱা 3 মে’ 2024 তাৰিখে চৰাইদেউ জিলাৰ কানুবাৰীত অসম ৰাইফলছে তিনিগৰাকী আলফা (স্বাঃ) সংগঠনৰ সহযোগকাৰীক আটক কৰা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে ৷ উক্ত বাতৰি সন্দৰ্ভত আমি স্পষ্ট কৰিব বিচাৰোঁ যে, আটকাধীন সঞ্জয় দে’, সুজিত দে’ আৰু টাৱাজাং কন্যাক নামৰ ব্যক্তিকেইগৰাকী আলফা (স্বাঃ) সংগঠনৰ সহযোগকাৰী নহয় আৰু সংগঠনৰ সৈতে তেওঁলোকৰ কোনোধৰণৰ যোগসূত্ৰ নাই ৷" তদুপৰি জনসাধাৰণক এনেধৰণৰ বাতৰিক প্ৰশ্চয় নিদিবলৈয়ো বিবৃতিযোগে আহ্বান জনাইছে সংগঠনটোৱে ৷

উল্লেখ্য যে, 3 মে’ত সোণাৰিত নিষিদ্ধ ঘোষিত আলফা (স্বাঃ) অৰ্থ যোগান ধৰাৰ অভিযোগত তিনিজন লোকক আটক কৰিছিল অসম ৰাইফলছে ৷ অৰুণাচলৰ কানুবাৰীৰ পৰা অসম ৰাইফলছে তিনিওজনকে আটক কৰি সোণাৰি আৰক্ষীক চমজাই দিছিল ৷ আটকাধীন লোককেইজন সোণাৰিৰ টিয়কঘাট আইদেউবাৰী বাগিচা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে সঞ্জয় দে', সুজিত দে' আৰু নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক ৷ ইয়াৰ পিচতেই আটকাধীন এই ব্যক্তিকেইজনৰ সংগঠনটোৰ সৈতে কোনো যোগসূত্ৰ নাই বুলি আজি বিবৃতি প্ৰকাশ কৰিছে আলফা ( স্বাঃ) এ ৷

লগতে পঢ়ক : কাণুবাৰীত আলফা স্বাধীনৰ তিনি লিংকমেন আটক - ULFA I Linkman Detained

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.