অসম

assam

বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

By

Published : Sep 30, 2022, 10:18 AM IST

Updated : Sep 30, 2022, 11:49 AM IST

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য আৰু সেই সময়ৰ পঞ্জীয়কে পূৱ মাজুলী মহাবিদ্যালয় কৰ্তৃপক্ষক বিভিন্ন ধৰণে প্ৰৱঞ্চনা কৰিলে (Majuli Cultural University controversy)। যাৰ বাবে সংবাদমেলযোগে আক্ষেপ কৰিছে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষই । সম্প্ৰতি দুয়োখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মাজত চলি থকা বিতৰ্কই বিশেষ চৰ্চা লাভ কৰিছে ।

Majuli Cultural University
বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

মাজুলী,৩০ ছেপ্টেম্বৰ : ২০১৯ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে (Majuli Cultural University)। সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিছিল এই বিশ্ববিদ্যালয়খন । ৰাজ্যবাসীৰ গৌৰৱ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বৰ্ষ ২০২১ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা পূৱ মাজুলী মহাবিদ্যালয়ত আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই বিশ্ববিদ্যালয়খনৰ পাঠদান পূব মাজুলী মহাবিদ্যালয়তে সুচাৰুকৈ চলি আছে ।

বিশ্ববিদ্যালয়খনত প্ৰথমগৰাকী উপাচাৰ্য হিচাপে মাজুলীৰ সু-সন্তান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জীবিদ ড° ডম্বৰুধৰ নাথে নিযুক্তি লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছিল । এই খিনিলৈ সকলো ঠিকেই আছিল । কিন্তু ড° ডম্বৰুধৰ নাথে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে বিৰ্তকত সোমাই পৰিছে উপাচাৰ্যগৰাকী (Majuli Cultural University Vice Chancellor)।

বিতৰ্কত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

পূৱ মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰূপ কুমাৰ বৰাই বিভিন্ন ধৰণৰ অভিযোগ আনিছে অৱসৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে (Pub Majuli College ex principal press conference)। তেওঁ জনোৱা মতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষ আৰম্ভ কৰিবলৈ পূৱ মাজুলী মহাবিদ্যালয়ে দিছিল সুবিধা । কেইবালাখ টকা অধ্যক্ষৰ যোগেদি শ্ৰেণীকোঠা আৰু হোষ্টেল মেৰামতিৰ বাবে খৰচ কৰা হৈছিল । কিন্তু অভিযোগ অনুসৰি আজিও সেই খৰচ হোৱা ধন পূৱ মাজুলী মহাবিদ্যালয়ক নিদিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

সংবাদমেলযোগে এই অভিযোগ আনিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰূপ কুমাৰ বৰাই । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সেই সময়ৰ পঞ্জীয়ক নৰনাৰায়ণ নাথ আৰু উপাচাৰ্য ড° ডম্বৰুধৰ নাথে অধ্যক্ষ অৰূপ কুমাৰ বৰাক শ্ৰেণীকোঠা, হোষ্টেল আদি মেৰামতি কৰি দিবলৈ বাবে হেচা প্ৰয়োগ কৰি পৰৱৰ্তী সময়ত টকা আদায় দিয়াৰ সময়ত প্ৰৱঞ্চনা কৰিলে । অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে জনোৱা মতে পূৱ মাজুলী মহাবিদ্যালয়ৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে আন আন কৰ্মচাৰীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম কাজ পৰিচালনা কৰিছিল । আনকি বিদ্যুত মাচুল পৰিশোধৰ নামতো টকা নিদিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ে ।

ইফালে শুভাৰম্ভৰ দিনটোত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগমনৰ পৰা শিক্ষাবৰ্ষৰ শুভাৰম্ভৰ পেণ্ডেল আদিৰ নামত পূৱ মাজুলী মহাবিদ্যালয়ে খৰচ কৰিছিল । সেই ধনো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়ক নিদিয়াৰ অভিযোগ । অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে অভিযোগ কৰা মতে বিশ্ববিদ্যালয়খনৰ স্বাৰ্থত সকলো কৰিও পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনক প্ৰৱঞ্চনা কৰিছে ।

আনহাতে পূৱ মাজুলী মহাবিদ্যালয়ে ইমানখিনি ত্যাগ কৰাৰ পাছতো অৱসৰৰ দিনটোত উপাচাৰ্য নাথে এবাৰো মহাবিদ্যালয়খনৰ নাম সংবাদমাধ্যমত উল্লেখ নকৰিলে আনহাতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক অৱসৰৰ দিনটোত নিমন্ত্ৰণ নজনালে । যাৰ বাবে আক্ষেপ কৰিছে পূৱ মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুপ কুমাৰ বৰাই ।

লগতে পঢ়ক :নতুন দিল্লীত চিন্তন বৈঠকত সোণোৱাল

Last Updated :Sep 30, 2022, 11:49 AM IST

ABOUT THE AUTHOR

...view details