নতুন দিল্লীত চিন্তন বৈঠকত সোণোৱাল

author img

By

Published : Sep 30, 2022, 7:16 AM IST

sonowal at chintan baithak in new delhi

বৃহস্পতিবাৰে নতুন দিল্লীত বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়(Ministry of Ports Shipping and Waterways)ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় চিন্তন বৈঠক । নীল অৰ্থনীতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সন্দৰ্ভত আলোকপাত কৰি ভাৰতীয় সামুদ্ৰিক দৃষ্টিভংগী ২০৩০(Indian Maritime Outlook 2030) আৰু ভিজন ডকুমেণ্ট ২০৪৭(Vision Document 2047)ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৃষ্টিভংগীৰ ওতপ্ৰোত সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে ।

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ: নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চিন্তন বৈঠক । বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ(Ministry of Ports Shipping and Waterways) চিন্তন বৈঠকত অধ্যক্ষতা কৰি নীল অৰ্থনীতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সন্দৰ্ভত আলোকপাত কৰে । বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে মূলধন ব্যয়ৰ লক্ষ্যৰে চৰকাৰৰ সামগ্ৰিক ব্যয়ৰ লক্ষ্য পূৰণ কিদৰে কৰিব সেই বিষয়ে বৈঠকত আলোচনা কৰা হয় ।

Ministry of Ports Shipping and Waterways
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চিন্তন বৈঠক

সকলো মুখ্য বন্দৰে উপলব্ধ ভূমিৰ সৰ্বোত্তম ব্যৱহাৰত বিশেষ গুৰুত্ব দিব লাগে আৰু ব্যৱসায়ৰ আগন্তুক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা তথা বিনিয়োগৰ বাবে এক উন্নয়নমূলক পৰিকল্পনা প্ৰস্তুত কৰিব লাগে বুলিও উল্লেখ কৰে বৈঠকত । বৈঠকত আলোচনা কৰা হয় যে, যিহেতু সকলো বন্দৰে সামুদ্ৰিক খণ্ডত সেউজ পৰিৱেশতন্ত্ৰৰ প্ৰসাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । সেয়েহে সেউজ পৰিবহণৰ প্ৰসাৰ আৰু বন্দৰৰ কাৰ্যকলাপৰপৰা কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰাৰ সন্দৰ্ভতো গুৰুত্ব দিয়া উচিত ।

সেউজ বন্দৰৰ বিভিন্ন পদক্ষেপবোৰৰ ভিতৰত আছে জাহাজৰপৰা আৱৰ্জনা সংগ্ৰহৰ বাবে তীৰত সুবিধা বিকশিত কৰা, নৱীকৰণযোগ্য শক্তিৰ উৎসৰপৰা শক্তি উৎপাদনৰ বাবে প্ৰকল্প স্থাপন কৰা, সকলো বন্দৰত তেল স্পিল সঁহাৰি (টায়াৰ-১) ক্ষমতা সৃষ্টি কৰা, টাৰ্মিনেল ডিজাইন, বিকাশ আৰু সঞ্চালনত বহনক্ষম পদ্ধতি অন্তৰ্ভুক্ত কৰা, বন্দৰ চৌহদৰ ভিতৰত সেউজ আৱৰণ বৃদ্ধি কৰা ইত্যাদি ।

Ministry of Ports Shipping and Waterways
চিন্তন বৈঠকত ভাৰতীয় সামুদ্ৰিক দৃষ্টিভংগী ২০৩০ আৰু ভিজন ডকুমেণ্ট ২০৪৭ ৰ প্ৰসংগ উত্থাপন

বৈঠকত সৰ্বানন্দ সোণোৱালে কয় যে এই চিন্তন বৈঠকৰ সময়ত হোৱা আলোচনাত ভাৰতীয় সামুদ্ৰিক দৃষ্টিভংগী ২০৩০(Indian Maritime Outlook 2030) আৰু ভিজন ডকুমেণ্ট ২০৪৭(Vision Document 2047)ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৃষ্টিভংগীৰ ওতপ্ৰোত সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে । সোণোৱালে লগতে কয় যে মন্ত্ৰালয়ে বন্দৰসমূহত বিশ্বমানৰ আন্তঃগাঁথনি সুবিধা স্থাপনৰ লক্ষ্যৰে কাম কৰি আছে । বন্দৰসমূহৰ কৰ্মক্ষমতা উন্নত কৰি তোলা হৈছে । বন্দৰসমূহৰ বিকাশ আৰু আধুনিকীকৰণৰ বাবে চৰকাৰৰ পৰিকল্পনাসমূহ মসৃণ আৰু দ্ৰুতগতিত ৰূপায়ণৰ বাবে ৰ’ডমেপ প্ৰস্তুত কৰাত ই বহুখিনি সহায় কৰিব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

বিগত চিন্তন বৈঠকত আলোচনা কৰা প্ৰতিটো বৃহৎ বন্দৰৰ বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুনৰ পৰ্যালোচনা কৰাৰ লগতে বন্দৰসমূহত চলি থকা প্ৰকল্পসমূহৰ কাম সময়মতে সম্পাদনৰ বাবে সকলো কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । অহা ২ অক্টোবৰৰপৰা ৩১ অক্টোবৰলৈ পালন কৰিবলগীয়া বিশেষ অভিযানৰ কথা কৈ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানক সকলো প্ৰচেষ্টাৰে সফল কৰিব লাগিব । এইক্ষেত্ৰত বন্দৰ আৰু বন্দৰসমূহৰ চৌদিশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব বুলিও উল্লেখ কৰে সোণোৱালে ।

সোণোৱালে লগতে এই বিশেষ অভিযানৰ সময়ত পূৰ্বৰ বাকী থকা বিষয়সমূহৰো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । স্বচ্ছতা অভিযানৰ ওপৰত চকু ৰখাৰ বাবে তেওঁ এখন কমিটীও নিয়োগ কৰিব বুলি উল্লেখ কৰে । তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সজোৰে উল্লেখ কৰে যে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় হিচাপে সবল ভূমিকা হ’ব লাগে যাতে বিকাশৰ পথসমূহক শক্তিশালী আৰু সক্ষম কৰি অৰ্থনৈতিক পৰিৱৰ্তনসমূহ সাধন কৰিব পৰা যায় । এই চিন্তন বৈঠকৰ জৰিয়তে সামুদ্ৰিক খণ্ডৰ কুশল মনবোৰক একত্ৰিত কৰিবলৈ বিচৰা হৈছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: সোধপোছৰ নামত মহিলাক নিৰ্মম অত্যাচাৰ : ডিফুত কেইবাটাও সংগঠনৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.