সোধপোছৰ নামত মহিলাক নিৰ্মম অত্যাচাৰ : ডিফুত কেইবাটাও সংগঠনৰ সংবাদমেল

author img

By

Published : Sep 29, 2022, 10:59 PM IST

women atrocities by dokmoka ps officer in charge

ডকমকা থানাত সোধপোছৰ নামত মহিলাক নিৰ্মম অত্যাচাৰৰ অভিযোগ(Women atrocities by Dokmoka PS officer in charge) ৷ ডিফুত কেইবাটাও সংগঠনৰ সংবাদমেল ৷ আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ ৷

ডিফু, 29 ছেপ্টেম্বৰ: কাৰ্বি আংলং জিলাৰ চামেলাংছʼ থানাৰ অন্তৰ্গত ৰং আৰে এম ই স্কুলৰ সহকাৰী শিক্ষক মনেশ্বৰ কলিতাৰ অনুসন্ধানৰ বাবে সোধ-পোছ কৰাৰ নামত আৰক্ষীয়ে নিৰীহ লোকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । বৃহস্পতিবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি জাকাছ, কে এফ এ আৰু কে এছ ৱাই চি শীৰ্ষক সংগঠনকেইটাই প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ চামেলাংছʼ থানাৰ অন্তৰ্গত ৰং আৰে এম ই স্কুলৰ সহকাৰী শিক্ষক মনেশ্বৰ কলিতা বিগত প্ৰায় এমাহ ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷ কিন্তু প্ৰায় এমাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে শিক্ষকগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে ৷ আৰক্ষীয়ে শিক্ষকগৰাকীৰ সন্ধানত তদন্ত কৰাৰ নামত নিৰীহ লোকক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷

জাকাছ, কে এফ এ আৰু কে এছ ৱাই চি শীৰ্ষক সংগঠনকেইটাৰ নেতৃবৰ্গই সংবাদমেলত কয় যে, আৰক্ষীয়ে তদন্তৰ নামত ৰং আৰে এম ই স্কুলৰ কাৰ্বি ভাষাৰ শিক্ষক কানিয়া টকবি আৰু একেখন বিদ্যালয়তে ৰান্ধনী হিচাপে কৰ্মৰত টকবিৰ পত্নী মৰিয়ম ৰংপিপীক অলপতে জেৰা কৰে ৷ আৰক্ষীয়ে তেওঁলোকক ডকমকা থানালৈ মাতি আনি নিৰ্মম শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ আনে সংগঠনকেইটাৰ নেতৃত্বই(Women atrocities by Dokmoka PS officer in charge) ।

ডিফুত কেইবাটাও সংগঠনৰ সংবাদমেল

আনহাতে আৰক্ষীৰ নিৰ্যাতনৰ ফলত সম্প্ৰতি অসুস্থ হৈ পৰা মৰিয়ম ৰংপিপী চিকিৎসাধীন হৈ আছে(Physical torture of Moriam Rongpipi by the police) ৷ সংগঠনকেইটাৰ নেতৃবৰ্গই সংবাদমেলত আৰক্ষীয়ে এনে কাৰ্যৰ জৰিয়তে মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ কৰে ৷ তেওঁলোকে ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ ইয়াৰ লগতে মনেশ্বৰ কলিতাৰ সন্ধানহীন হোৱা বিষয়টোৰ সকলো দিশ সামৰি অনুসন্ধান চলাই দোষীক শাস্তি প্ৰদানৰ দাবী জনায় ।

লগতে পঢ়ক: দেশৰ ভিতৰত সৰ্বাধিক শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰে অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.